অসম

assam

By

Published : Sep 9, 2020, 10:44 PM IST

ETV Bharat / state

মহানগৰীত দিন দুপৰতে মহিলাক হত্যাৰ চেষ্টা যুৱকৰ

দিন দুপৰতে মহানগৰীত মহিলাক হত্যাৰ চেষ্টা যুৱকৰ ৷ নুনমাটিত সংঘটিত হৈছে এই ঘটনা ৷ নুনমাটি আৰক্ষীৰ তদন্ত অব্যাহত ৷

Man attempts to murder woman at Guwahati Nunmati
মহানগৰীত দিন দুপৰতে মহিলাক হত্যাৰ চেষ্টা যুৱকৰ

গুৱাহাটী, 9 ছেপ্তেম্বৰ : বুধবাৰে নুনমাটি SBIৰ সন্মুখত থকা হালৈ ব্ৰাদাছ নামৰ দোকান এখনত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা । দিন দুপৰতে দোকানখনৰ ভিতৰতে চুৰিৰে পবিত্ৰ ৰয় নামৰ এজন লোকে হানি খুচি হত্যাৰ চেষ্টা কৰে বিউটি বেগম নামৰ এগৰাকী মহিলাক ৷

অভিযোগ অনুসৰি, মহিলাগৰাকীয়ে দোকানৰ ভিতৰতে বজাৰ কৰি থকা অৱস্থাত লোকজনে দোকানৰ ভিতৰত প্ৰৱেশ কৰি চুৰিৰে পেটত আঘাত কৰে মহিলাগৰাকীক । ঘটনা সংঘটিত কৰি লোকজন পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকে আটক কৰি নুনমাটি থানাত গতাই দিয়ে যুৱকজনক ৷ ইপিনে, সংকটজনক অৱস্থাত মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৰয়ে ব্যৱহাৰ কৰা চুৰিখন ।

মহানগৰীত দিন দুপৰতে মহিলাক হত্যাৰ চেষ্টা যুৱকৰ

আনহাতে, স্থানীয় লোকে জনোৱা অনুসৰি, লোকজনৰ ঘৰ নুনমাটিত আৰু আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ ঘৰ নুনমাটি শালবাৰী নিজৰাপাৰত ৷ বৰ্তমান নুনমাটি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :কৃত্ৰিম বানত জলমগ্ন বাক্সাৰ বৃহত্তৰ অঞ্চল

ABOUT THE AUTHOR

...view details