গুৱাহাটী, ২৬ আগষ্ট :অৱশেষত ৰে’ল আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কামাখ্যা ৰে’ল ষ্টেচন আৰু আজৰা ৰে’ল ষ্টেচনৰ মাজত চলন্ত ৰে’লত এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য খোৱাই হত্যা কৰা অভিযুক্তটোক । এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ অপৰাধীটোক ৮ দিনৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, মৃত ৪৫ বছৰীয়া মহিলাগৰাকীৰ নাম পম্পী শৰ্মা হালৈৰ ঘৰ নলবাৰীত । মহিলাগৰাকীয়ে চুলতানগঞ্জলৈ ভনীয়েকৰ লগত গৈছিল । তাত অস্থি বিসৰ্জনৰ পিচত ভনীয়েকে অসমলৈ গুচি আহিছিল । তাৰ পাচত মহিলাগৰাকীয়ে অকলে বাবা ধামলৈ গৈছিল ।
বাবা ধামৰ পৰা অকলে ৰে’লেৰে মহিলাগৰাকীয়ে ৰেল নং ১৫৬১৯ গয়া কামাখ্যা এক্সপ্ৰেছেৰ জৰিয়তে কামাখ্যা ষ্টেচনলৈ আহি আছিল । যোৱা ১৬ আগষ্টত আজাৰা ৰে’ল ষ্টেচনলৈকে মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হৈ আছিল । মহিলাগৰাকীয়ে পৰিয়লৰ লোকক ফোনতে কৈছিল যে তেওঁৰ বহুত পানীৰ পিঁয়াহ লাগিছে । ৰে’লত তেতিয়া পানী নাছিল ।
কিন্তু অতি ৰহস্যজনকভাৱে আজাৰা ৰে’ল ষ্টেচনৰ পৰা ৰে’লখন এৰাৰ পিচত মহিলাগৰাকীৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । পিচত পৰিয়ালৰ লোকে আৰ পি এফৰ সহায়ত ৰে’লখন কামাখ্যা ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰখায় আৰু মহিলাগৰাকীক বিচাৰ-খচাৰ কৰিবলৈ লয় ৷ বহুত সময়ৰ অন্তত ৰে’লৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ ।