অসম

assam

ETV Bharat / state

Mamoni Raisom Goswami Birthday : মামণি ৰয়ছম গোস্বামীৰ ৮০ সংখ্যক ওপজা দিন উদযাপন - Amarjyoti Choudhury

আজি মামণি ৰয়ছম গোস্বামীৰ ৮০ সংখ্যক জন্মদিন ৷ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ(South East Asia Ramayana Research Centre) উদ্যোগতো ৰামায়ণী সাহিত্যৰ বিশিষ্ট পণ্ডিত, প্ৰসিদ্ধ সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী ঔপন্যাসিকাগৰাকীৰ ওপজা দিনটো উদযাপন কৰা হ’ল গুৱাহাটীত ৷

Mamoni Raisom Goswami Birthday
মামণি ৰয়ছম গোস্বামীৰ ৮০ সংখ্যক ওপজা দিন উদযাপন

By

Published : Nov 14, 2022, 9:34 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ : দক্ষিণ-পূৱ এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ উদ্যোগত সোমবাৰে ৰামায়ণী সাহিত্যৰ বিশিষ্ট পণ্ডিত, প্ৰসিদ্ধ সাহিত্যিক, জ্ঞানপীঠ বঁটা বিজয়ী(Jnanpith Award) ঔপন্যাসিকা প্ৰয়াত ড৹ ইন্দিৰা গোস্বামী (মামণি ৰয়ছম গোস্বামী)ৰ ৮০ সংখ্যক জন্মদিৱস বর্ণাঢ্য কাৰ্য্যসূচীৰে উদ্‌যাপন কৰা হয় (Mamoni Raisom Goswami Birthday)।

সেই উপলক্ষে মহানগৰীৰ গান্ধীবস্তিস্থিত দক্ষিণ পূৱ এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ প্ৰাংগণত সোমাবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ(Writer Indira Goswami) প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি বৰেণ্য সাহিত্যিকগৰাকীক স্মৰণ কৰা হয় । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে ক্ৰমে ড৹ অমৰ জ্যোতি চৌধুৰী, কীৰ্তি কমল ভূঞা, ট্ৰাষ্টৰ সভাপতি ৰাণী গোহাঁই আৰু কাৰ্যকৰী সভাপতি সবিতা শৰ্মা গোস্বামীকে ধৰি ট্ৰাষ্টৰ অন্যান্য বিষয়ববীয়াসকলে ।

ইয়াৰ পিছতে সভাপতি ৰাণী গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে কাৰ্যকৰী সভাপতি সবিতা শৰ্মা গোস্বামীয়ে । অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক তথা আবৃত্তিকাৰ ড৹ অমৰ জ্যোতি চৌধুৰীয়ে । মুখ্য অতিথিৰ ভাষণত ড৹ চৌধুৰীয়ে(Amarjyoti Choudhury) কয় যে দক্ষিণ পূৱ এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ কেৱল দক্ষিণ পূৱ এছিয়াতে নহয়, সমগ্ৰ পৃথিৱীলৈ পৰ্যবসিত হওক । কাৰণ ৰামায়ণ গৱেষণা(South East Asia Ramayana Research Centre) আছিল ড৹ গোস্বামীৰ এক আচৰিত সংযোগ ।

সমাজৰ অন্যায়ৰ বিৰুদ্ধে সদায় প্ৰতিবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰা এনে সাহিত্যিক থকাটো অসমৰ বাবে গৌৰৱৰ কথা । লগতে মুখ্য অতিথি ড৹ চৌধুৰীয়ে প্ৰয়াত সাহিত্যিকগৰাকীৰ স্মৃতিত লিখা এটি কবিতাও আবৃত্তিকৰে । ইপিনে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে বিশিষ্ট গীতিকাৰ আৰু লেখক কীৰ্তি কমল ভূঞা আৰু আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ট্ৰাষ্টৰ সদস্য গণেশ তামুলী ।

আনহাতে শিশু দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ মুজুৰ কলা কেন্দ্ৰৰ শিশু শিক্ষাৰ্থী সকলৰ খোল বাদন আৰু নৃত্য পৰিৱেশনৰ উপৰিও অৰ্পনা বুজৰ বৰুৱাৰ সাংস্কৃতিক দলে সংগীত আৰু কবিতা আবৃত্তি কৰে । অনুষ্ঠানত উপস্থিত লোকসকলৰ ফালৰ পৰা কেইবাজনো লোকে প্ৰয়াত সাহিত্যিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ আলোকপাত কৰে ।

লগতে পঢ়ক :Dream girl in Nalbari : ৰাস চাবলৈ নলবাৰীত উপস্থিত বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী

ABOUT THE AUTHOR

...view details