অসম

assam

ETV Bharat / state

অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু তালিবানী চিন্তাৰে সংপৃক্ত: মমিনুল আৱাল - maminul awoal reaction on taliban

তালিবানলৈ সমৰ্থন মন্তব্য কৰি শনিবাৰে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল 14 জনকৈ লোক ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ বিজেপি নেতা মমিনুল আৱালে । অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু এতিয়াও তালিবানী চিন্তাৰে সংপৃক্ত বুলি মন্তব্য আৱালৰ ৷

maminul awal reaction
তালিবানৰ সৈতে জমিয়ত, এ আই ইউ ডি এফ, কংগ্ৰেছৰ কি সম্পৰ্ক !

By

Published : Aug 22, 2021, 4:10 PM IST

গুৱাহাটী, ২২ আগষ্ট : তালিবানৰ সপক্ষে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰি ইতিমধ্যে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ১৪ জনকৈ লোক । দৰং, কামৰূপ, কাছাৰ, বৰপেটা, কৰিমগঞ্জ, দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা আৰু হোজাই জিলাৰ ভিন ভিন প্ৰান্তৰ পৰা এই লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা সকলৰ মাজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ পৰা আৰম্ভ কৰি এআইইউডিএফৰ নেতাও আছে ।

তালিবানৰ সৈতে জমিয়ত, এ আই ইউ ডি এফ, কংগ্ৰেছৰ কি সম্পৰ্ক !

কিন্তু, হঠাৎ অসমৰ এইসকল লোক তালিবান প্ৰীতিত উথলি উঠিছে কিয় ? যি সময়ত সমগ্ৰ বিশ্বই ধিক্কাৰ আৰু নিন্দাৰে তালিবানক উপচাই পেলাইছে সেই সময়ত অসমৰ এইসকল লোকৰ তালিবানৰ প্ৰতি ইমান দৰদ কিহৰ ? কালি ১৪ জনকৈ লোক এইদৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ বিজেপি নেতা মমিনুল আৱালে ।

লগতে পঢ়ক :তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ ?

জ্যেষ্ঠ বিজেপি নেতা মমিনুল আৱালে কয় যে, অসমত এতিয়াও এনে এচাম ইছলামধৰ্মী লোক বসবাস কৰি আছে যিসকলৰ মন, মগজু সকলো সংপৃক্ত হৈ আছে তালিবানী চিন্তা-চৰ্চাৰ সৈতে । এই ধৰণৰ লোকসকলৰ বাবেই আজি অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোক লজ্জানত হ’বলগীয়া হৈছে । জমিয়ত উলেমাৰ সভাপতি তথা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দলৰ সাধাৰণ সম্পাদকজনেই তালিবানৰ সপক্ষে কথা কৈ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে ।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত জমিয়তৰ বহু মৌলানা শ্বহীদ হৈছিল বুলি ধৰ্মীয় সংগঠনটোৱে দাবী কৰে । কিন্তু, এতিয়াৰ জমিয়ত সেই জমিয়ত নহয় বুলিও মন্তব্য কৰে মমিনুল আৱালে । জমিয়ত আৰু এআইইউডিএফৰ লগতে কংগ্ৰেছ দলৰ প্ৰতিও সন্দেহৰ আঙুলি টোৱাই বিজেপি নেতাজনে ।

লগতে পঢ়ক :ৰাজনৈতিক নেতাই অধিকাৰ কৰিলে ৰাখীৰ বজাৰ !

ABOUT THE AUTHOR

...view details