অসম

assam

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:59 PM IST

ETV Bharat / state

Mamatar Sithi : সম্পন্ন হ’ল প্ৰিমিয়াৰ শ্ব’, কাইলৈ ছবিগৃহত মমতাৰ চিঠি

এটা হৃদয়স্পৰ্শী কবিতাৰে এখন অসমীয়া ছবি ৷ ৬ অক্টোবৰত আহিব অসমৰ ছবিগৃহলৈ ৷ অসমীয়া ছবিৰ দৰ্শকৰ বাবে 'মমতাৰ চিঠি' এইবাৰ চিনেমাৰ ৰূপত ৷

Mamatar Sithi Assamese film
সম্পন্ন হ’ল প্ৰিমিয়াৰ শ্ব’, কাইলৈ ছবিগৃহত মমতাৰ চিঠি

সম্পন্ন হ’ল প্ৰিমিয়াৰ শ্ব’, কাইলৈ ছবিগৃহত মমতাৰ চিঠি

গুৱাহাটী, 5 অক্টোবৰ: হেম বৰুৱাৰ হৃদয়স্পৰ্শী কবিতা 'মমতাৰ চিঠি' নপঢ়া বা নুশুনা লোক হয়তো খুব কমেইহে আছে ৷ হেম বৰুৱাৰ হৃদয়স্পৰ্শী সৃষ্টি ‘মমতাৰ চিঠি’ শীৰ্ষক কবিতাটোৰ আধাৰত 'মুখা'ৰ বেনাৰত পৰিচালক নিৰ্মল দাসে নিৰ্মাণ কৰিছে নতুন অসমীয়া 'মমতাৰ চিঠি' ৷ ৬ অক্টোবৰত সমগ্ৰ অসমৰ ৩২ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷ বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’৷ ছবিখনৰ সংলাপ-চিত্ৰনাট্য তথা পৰিচালনা নিৰ্মল দাসৰ ৷ লগতে 'মমতাৰ চিঠি' ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাবে আছে সমৰজ্যোতি সৰকাৰ ৷ সহকাৰী পৰিচালনা গোলাপ আৰু উৎপলৰ ৷ কাৰিকৰী নিৰ্দেশনা আৰু চিনেমাটোগ্ৰাফী প্ৰদীপ দৈমাৰীৰ ৷ সহযোগী উপেন বড়ো ৷

উল্লেখ্য যে চিনেমাখনৰ প্ৰযোজনা দেৱাদিব দাসৰ ৷ শব্দৰ কাম কৰিছে দীপক দত্তই ৷ সহযোগী বাবুল দাস ৷ সম্পাদনা প্ৰতীম খাউণ্ডৰ(ৰাজা)৷ ৰূপসজ্জা বিশ্ব কলিতাৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰ মৰম আৰু মমতাৰ চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই ৷ লগতে ছবিখনত অভিনয় কৰিছে বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে ৰীণা বৰা, বিশ্বজিৎ ওজা, কবিন্দ্ৰ দাস, পল্লব পৱন বৰা, দিগন্ত কলিতা, ভাৰ্গৱ কটকী, বিপ্লৱ বৰকাকতি, গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী, মনোজ দাস, হিতেশ মহিলাৰী, সংঘমিত্ৰা ওজা, গৰিমা দাস, দীপশিখা দাস, বিক্ৰম কাকতি, সঞ্জীৱ দাস, মল্লিকা শৰ্মা, উৎপল, শৰ্মিষ্ঠা দাস আদিয়ে ৷ আনহাতে শিশুশিল্পীৰূপে অভিনয় কৰিছে ভিক্টৰ অৰ্জুন দাস, প্ৰিয়দৰ্শন, প্ৰেৰণা, জ্ঞানম কিশোৰ, উদিচী, প্ৰিয়ব্ৰতে ।

ছবিখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ ৷ ছবিখনৰ তিনিওটা গীতেই লিখিছে নিৰ্মল দাসে ৷ ইয়াৰে জুবিন গাৰ্গৰ কণ্ঠৰ 'আহিবানে জোনাক' গীতটিৰ সুৰ নিৰূপ দাসৰ ৷ সংগীত ৰাজীৱ নাথৰ ৷ আনটো গীত লিখিছে ভাস্কৰ অপচুৱেলে ৷ গীতত কণ্ঠ নিগৰাইছে তৰালী শৰ্মা ,শৰ্মিষ্ঠা দাস আৰু ভাস্কৰ অপচুৱেলে ৷ বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা ছবিখনৰ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে প্ৰীতি শইকীয়া, মলয়া গোস্বামী, তৌফিক ৰহমান আদিকে ধৰি ছবিখনৰ কলা-কুশলী তথা বহু শুভাকাংখী ৷

লগতে পঢ়ক:New Assamese films:৬ অক্টোবৰত দুখনকৈ অসমীয়া ছবি ছবিগৃহলৈ

ABOUT THE AUTHOR

...view details