গুৱাহাটী, 16 আগষ্ট: যোগাসনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে মহানগৰীৰ মালিগাঁৱৰ এগৰাকী কণমানিয়ে ৷ বৰ্তমান চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কুহি ডেকা নামৰ এই কণমানি গৰাকীয়ে প্ৰথম মান শ্ৰেণীৰ পৰায়ে যোগ চৰ্চা কৰি আহিছে বুলি জনাইছে পৰিয়ালৰ লোকে ৷ বহু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত ভাগ লৈ সন্মান বুটলিবলৈ সক্ষম হৈছে কণমানি কুহি ডেকাই ৷ শেহতীয়াকৈ লক ডাউনৰ সময়চোৱাত কেইবাখনো অনলাইন যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কুহিয়ে ৷
যোগাসনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে মালিগাঁৱৰ কুহি ডেকাই - Maligaonn's Kuhi brings laurels by practicing yuga
আগন্তুক এছিয়ান গেমছত অসমৰ হৈ প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যেৰে অনুশীলন অব্যাহত ৰাখিছে কুহি ডেকাই ৷
শণিবাৰে ফেডাৰেচন কাপ যোগাসন প্ৰতিযোগিতাত অনলাইন যোগে অংশগ্ৰহণ কৰিছিল কণমানি গৰাকীয়ে ৷ তাৰোপৰি নেশ্বনেল যোগা চেম্পিয়নশ্বিপটো অনলাইনযোগে ভাগ লৈছে কুহিয়ে । য'ত অসমক প্ৰতিনিধিত্ব কৰি ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে কণমানি কুহি ডেকাই ৷ উল্লেখ্য যে, এছিয়ান গেমছৰ লক্ষ্যৰে আগবঢ়া কণমানিগৰাকীৰ এই সাফল্যত অত্যন্ত সুখী পৰিয়াল তথা চুবুৰীয়া ৷ বৰ্তমান আগন্তুক এছিয়ান গেমছত অসমৰ হৈ প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যেৰে অনুশীলন অব্যাহত ৰাখিছে কুহি ডেকাই ৷
লগতে পঢ়কঃ 5টকা মাননি লোৱা চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান আৰু নাই !