20 আগষ্টতেই সংঘটিত হোৱা এটা লোকহৰ্ষক কত্যাকাণ্ড ৷ মহানগৰীৰ পাণ্ডু অঞ্চলৰ মহিলাগৰাকীক চিকিৎসা কৰাৰ অজুহাতেৰে বাক্সাৰ তামুলপুৰলৈ লৈ গৈছিল স্বামীৰ বন্ধু বাসুদেৱ চৰকাৰে ৷ আৰু তাতেই সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৷ স্বামী পৰশুৰাম দাসে দুই বন্ধু বসুদেৱ সৰকাৰ আৰু চীমা দাসৰ সৈতে মিলি অতি নৃশংস ভাৱে হত্যা কৰিলে পত্নীক ৷ মালিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ঘাতক স্বামী পৰশুৰাম দাসে কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে হত্যাকাণ্ডৰ সমস্ত বিৱৰণী ৷
এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি - এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি
এজন ঘাতক স্বামীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ৷ স্বামীয়ে তিনি বন্ধুৰে মিলি অতি নৃশংসভাৱে হত্যা কৰিলে পত্নীক ৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত গাৰ নোম শিয়ঁৰি উঠা হত্যাকাণ্ডটোৰ সকলো কথা বৰ্ণনা কৰিলে ঘাতক স্বামীয়ে ৷
![এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি maligaon wife murderer husband arrest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5457026-thumbnail-3x2-murder.jpg)
এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি
এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক স্বীকাৰোক্তি
20 আগষ্টতেই হত্যাকাণ্ডটো সংঘটিত কৰি সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল যদিও দীৰ্ঘদিন ধৰি ঘৰলৈ ঘূৰি নহাত তামুলপুৰলৈ মাতৃক বিচাৰি যায় কন্যা ৰূপালী মালাকাৰে ৷ তেতিয়াই ওলাই পৰে হত্যাকাণ্ডৰ প্ৰকৃত সত্য ৷ ইতিমধ্য, কন্যা ৰূপালী মালাকাৰৰ এজাহাৰৰ ভিত্তিত 1289/19 নম্বৰত এটা গোচৰ ৰুজু কৰি মালিগাঁও আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ মুল অভিযুক্ত পৰশুৰাম দাসক ৷
TAGGED:
মলিগাঁও হত্য়াকাণ্ড