অসম

assam

ETV Bharat / state

টাইগাৰ জ'নত পৰিণত হৈছে মালিগাঁও - টাইগাৰ জ'ন

টাইগাৰ জ'নত পৰিণত হৈছে গুৱাহাটীৰ মালিগাঁও ৷ বনৰজাৰ আতংকত ত্ৰস্তমান মালিগাঁওবাসী । এটা বা দুটা নহয়, চাৰিটাকৈ নাহৰফুটুকীয়ে এতিয়া টোপনি হৰিছে মালিগাঁও মাধৱদেৱ নগৰবাসীৰ ।

মালিগাঁও
টাইগাৰ জ'নত পৰিণত হৈছে মালিগাঁও

By

Published : Mar 9, 2020, 4:26 PM IST

Updated : Mar 9, 2020, 4:52 PM IST

গুৱাহাটী, 9 মাৰ্চঃ টাইগাৰ জ'নত পৰিণত হৈছে গুৱাহাটীৰ মালিগাঁও । বনৰজাৰ আতংকত ত্ৰস্তমান মালিগাঁওবাসী। এটা বা দুটা নহয়, চাৰিটাকৈ নাহৰফুটুকীয়ে এতিয়া টোপনি হৰিছে মালিগাঁও মাধৱদেৱ নগৰবাসীৰ। প্ৰতিদিনেই দিনদুপৰতে নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰে অঞ্চলটোত । অঞ্চলটোৰ পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হৈছে নাহৰফুটুকীৰ বিচৰণৰ দৃশ্য। ইয়াৰোপৰি অপৰ্ণা দাস নামৰ মহিলা এগৰাকীৰ ঘৰটো নাহৰফুটুকীয়ে চলাই সন্ত্ৰাস। যাৰ ফলত ঘৰৰ পৰা ওলাবলৈ ভয় অঞ্চলটোৰ জনতাৰ। ইফালে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনাইছে যদিও কোনো গুৰুত্বয়ে প্ৰদান কৰা নাই। এতিয়া বন বিভাগৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। অতিশীঘ্ৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকী কেইটা ধৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে একাংশই বন ধ্বংস কৰি বাসস্থান নিৰ্মাণ কৰাৰ বাবেই এনেদৰেই বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ নামি অহা পৰিলক্ষিত হয়।

টাইগাৰ জ'নত পৰিণত হৈছে মালিগাঁও
Last Updated : Mar 9, 2020, 4:52 PM IST

ABOUT THE AUTHOR

...view details