অসম

assam

ETV Bharat / state

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মালিগাঁও ৰে’লৱে হাস্পতালত উত্তপ্ত পৰিস্থিতি - মালিগাঁও ৰে’লৱে হাস্পতালত উত্তপ্ত পৰিস্থিতি বাতৰি

শনিবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কেন্দ্ৰীয় হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ হাস্পাতলখনত দুজনকৈ কোভিড 19ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷

Maligaon Railway hospital crisis over COVID patient death
ৰোগীৰ মৃত্যু কেন্দ্ৰ কৰি মালিগাঁও ৰে’লৱে হাস্পতালত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 22, 2020, 10:45 PM IST

গুৱাহাটী,22 আগষ্টঃ শনিবাৰে মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কেন্দ্ৰীয় হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ হাস্পতালখনত দুজনকৈ কোভিড 19ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ চিকিৎসালয়খনৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই দুয়োগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ মৃত ৰোগী দুজন মিলনকান্তি ভট্টাচাৰ্য আৰু মিনতি দে বুলি জানিব পৰা গৈছে ৷

মালিগাঁও ৰে’লৱে হাস্পতালত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, মৃত্যু হোৱা মিনতি দে নামৰ মহিলাগৰাকীৰ পৰিয়ালক প্ৰথমাৱস্থাত চিকিৎসালয়ৰ তৰফৰ পৰা তেখেত কোভিড 19 নিগেটিভ বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত তেখেত কোভিড 19 পজিটিভ বুলি জনায় ৷ কোভিড পজিটিভ হোৱা বাবেই অন্য ৰোগৰ চিকিৎসা লাভ কৰা নাছিল মিনতি দেই ৷ ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক-তৰুণ গগৈক ঔৰংগজেৱ আৰু আজমলৰ বংশধৰ আখ্যা কোনে দিলে ?

ABOUT THE AUTHOR

...view details