অসম

assam

ETV Bharat / state

সাংবাদিকক সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীৰে মালিগাঁও প্ৰেছ ক্লাৱ - সুৰক্ষা

সাংবাদিক মিলন মহন্তক দিন দুপৰতে অসাধু চক্ৰই কৰা শাৰীৰিক নিৰ্যাতনক তিব্ৰ ভাষাৰে গৰিহণা দিছে মালিগাঁও প্ৰেছ ক্লাৱে ৷ লগতে এই অসাধু চক্ৰটোক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ লগতে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে মালিগাঁও প্ৰেছ ক্লাৱে ।

maligaon press club
সাংবাদিকক সুৰক্ষা আৰু নিৰাপত্তাৰ দাবী মালিগাঁও প্ৰেছ ক্লাৱৰ

By

Published : Nov 19, 2020, 7:05 AM IST

গুৱাহাটী, 19 নৱেম্বৰঃ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক দিন দুপৰতে অসাধু চক্ৰই কৰা শাৰীৰিক নিৰ্যাতনক তিব্ৰ ভাষাৰে গৰিহণা দিছে মালিগাঁও প্ৰেছ ক্লাৱে ৷ ইয়াৰ লগতে সাহসিকতাৰে বাতৰি পৰিবেশন কৰাৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা কাৰ্যক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি চৰম প্ৰত্যাহ্বান বুলি মত প্ৰকাশ কৰে মালিগাঁও প্ৰেছ ক্লাৱে ৷

সুৰক্ষা বিচাৰিলে সাংবাদিকে

গতিকে মিলন মহন্তক আক্ৰমণ চলোৱা মাফিয়াক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ লগতে সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত মালিগাঁও প্ৰেছ ক্লাবে দাবী জনায়। সমান্তৰালভাৱে পুনৰ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰক এক কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনায় মালিগাঁও প্ৰেছ ক্লাৱে।

উল্লেখ্য যে, মিলন মহন্তৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত মিৰ্জাত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মালিগাঁও প্ৰেছ ক্লাৱে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে পঢ়কঃবৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details