অসম

assam

ETV Bharat / state

মালিগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক - নাহৰফুটুকীৰ মুক্ত বিচৰণ

মালিগাঁৱত পূৰ্বে কেইবাৰো সংঘটিত হৈছে এনে ঘটনা। যোৱা কিছুদিন পূৰ্বে মালিগাঁও আদিংগিৰি পাহাৰত নাহৰফুটুকীৰ আক্ৰমণত প্ৰাণ গৈছিল এটি শিশুৰ। পিছত উক্ত স্থানত পিঞ্জৰা স্থাপন কৰি দুটাকৈ প্ৰকাণ্ড নাহৰফুটুকী আৱদ্ধ কৰিবলৈ সক্ষম হৈছিল বন বিভাগে।

maligaon-leopard-attack
মালিগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক

By

Published : Dec 5, 2020, 4:03 PM IST

গুৱাহাটী, 5 ডিচেম্বৰ : মহানগৰীৰ মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক। এইবাৰ মালিগাঁও মাধৱদেৱ নগৰত শুকুৰবাৰে নিশা সোমনাথ ৰানা নামৰ যুৱকজনক দুটাকৈ নাহৰফুটুকী চলায় আক্ৰমণ। যুৱক জনক হাতত কামুৰি চোঁচোৰাই লৈ গৈছিল জংঘলৰ ভিতৰলৈ। কিন্তু কথমপি প্ৰাণৰক্ষা কৰি জংঘলৰ পৰা ওলাই আহে যুৱকজন। নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন। পিছত স্থানীয় লোকে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই যুৱকজনক। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া আতংকই বিৰাজ কৰিছে সমগ্ৰ মাধৱদেৱ নগৰ অঞ্চলত।

মালিগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক

উল্লেখযোগ্য যে, মালিগাঁৱত পূৰ্বে কেইবাৰো সংঘটিত হৈছে এনে ঘটনা। যোৱা কিছুদিন পূৰ্বে মালিগাঁও আদিংগিৰি পাহাৰত নাহৰফুটুকীৰ আক্ৰমণত প্ৰাণ গৈছিল এটি শিশুৰ। পিছত উক্ত স্থানত পিঞ্জৰা স্থাপন কৰি দুটাকৈ প্ৰকাণ্ড নাহৰফুটুকী আৱদ্ধ কৰিবলৈ সক্ষম হৈছিল বন বিভাগে। এতিয়া মাধৱদেৱ নগত বৃদ্ধি হৈছে নাহৰফুটুকীৰ সন্ত্ৰাস। প্ৰতিদিনেই অঞ্চলটোত নাহৰফুটুকীৰ মুক্ত বিচৰণ দেখিবলৈ পাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
লগতে পঢ়ক:চিৰাঙত বি আৰ ফেৰেংগাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details