অসম

assam

Maligaon flyover Inauguration:৩০ আগষ্টত মুকলি হ’ব মালিগাঁৱৰ উৰণ সেঁতু, বিদুৎস্পৃষ্ট হৈ আহত দুজন শ্ৰমিক

By

Published : Aug 21, 2023, 7:59 PM IST

Updated : Aug 21, 2023, 8:05 PM IST

মালিগাঁৱৰ উৰণ সেঁতুৰ মুকলিৰ দিন ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ সামাজিক মাধ্যমত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ উৰণ সেঁতুৰ মুকলিৰ দিন ঘোষণাৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হৈছে উৰণ সেঁতুখনত কৰ্মৰত দুজনকৈ শ্ৰমিক ৷

Maligaon fly over Inauguration
৩০ আগষ্টত মুকলি হ’ব মালিগাঁৱৰ উৰণ সেঁতু

গুৱাহাটী, 21 আগষ্ট : এফালে সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মালিগাঁৱৰ উৰণ সেঁতুৰ মুকলিৰ দিন, আনফালে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হৈছে উৰণ সেঁতুখনত কৰ্মৰত দুজনকৈ শ্ৰমিক ৷

উৰণ সেঁতুখন মুকলি কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ উৰণ সেঁতুৰ ওপৰত কাম কৰি থকা অৱস্থাতে সোমবাৰে আবেলি বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় দুজনকৈ শ্ৰমিক ৷ প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাটোত দুয়োজন শ্ৰমিক ওপৰৰ পৰি চিটিকি তললৈ পৰে ৷ তাৰ পিচতেই দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ পৰা হয় ৷ বৰ্তমানলৈ উৰণ সেঁতুখনৰ নিৰ্মাণকাৰী সংস্থাৰ কৰ্তৃপক্ষই এই দুৰ্ঘটনাত আহত দুই শ্ৰমিকৰ বিষয়ে কোনো তথ্য সদৰী কৰা নাই ৷

আনহাতে অহা ৩০ আগষ্টত মুকলি কৰা হ’ব মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈকে নিৰ্মিত উৰণ সেঁতুখন ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰী কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ সদৰী কৰা মতে,“মালিগাঁও চাৰিআলিৰ পৰা কামাখ্যা মন্দিৰ পথৰ ত্ৰি-সংযোগ আৰু পাণ্ডু অভিমুখে সংযোগ কৰা ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উৰণ সেঁতুখন উদ্বোধন কৰাৰ কথা ঘোষণা কৰিবলৈ পাই ৰোমাঞ্চিত হৈছো ।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, মুঠ ৪২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ সেঁতুখন ৷ মুঠ ২.৬ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেঁতুখন অহা ৩০ আগষ্টত ৰাখী পূৰ্ণিমাৰ দিনা উন্মোচন কৰা হ'ব ৷ আনুষ্ঠানিকভাৱে এই কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ উল্লেখ্য় যে, বিগত সময়চোৱাত এই প্ৰকল্পস্থলীতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ উৰণ সেঁতুখনৰ নিৰ্মাণ কাৰ্য কেইবাবছৰ ধৰি চলাৰ ফলত ভয়ংকৰ যান-জঁটৰ সন্মুখীন হৈছিল মহানগৰবাসী ৷

লগতে পঢ়ক:Indrani Tahbildar’s Death Case : চান্দমাৰী থানাত হাজিৰ বিজেপি কৰ্মী কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মা

Last Updated : Aug 21, 2023, 8:05 PM IST

ABOUT THE AUTHOR

...view details