গুৱাহাটী, 18 ডিচেম্বৰ : সমাগত 2021 ৰ অসম বিধান সভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত নিজ সমষ্টিবাসীক আকৰ্ষিত কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে এতিয়া মন্ত্ৰী বিধায়কসকলক ।
বৃহস্পতিবাৰে মালিগাঁও বেংগলী এম. ই. বিদ্যালয় চৌহদৰ চাৰিবেৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৫ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বেংগলী এম. ই. বিদ্যালয় চৌহদৰ চাৰিবেৰ ৷