গুৱাহাটী,২৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি বৃহস্পতিবাৰে পালন কৰা হৈছে বিশ্ব মেলেৰিয়া দিৱস । ৰাজ্যখনৰো বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত পালন কৰা হৈছে এই মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকলবস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠান । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ দেৱেশ্বৰ মালাকাৰ । তেঁওৰ লগতে উপস্থিত থাকে ভাৰতীয় তেল নিগম আৰু মেলেৰিয়া বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু নাৰিকলবস্তিৰ বাসিন্দা সকল ।
গুৱাহাটীত বিশ্ব মেলেৰিয়া দিৱস পালন - গুৱাহাটী
সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পালন বিশ্ব মেলেৰিয়া দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় তেল নিগমে নাৰিকলবস্তিত অনুষ্ঠিত কৰে এক বিশেষ অনুষ্ঠান ।
গুৱাহাটীত বিশ্ব মেলেৰিয়া দিৱস পালন
অনুষ্ঠানটোত মেলেৰিয়া ৰোগ কেনেকৈ নিৰ্মূল কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হয় । উল্লেখ্য যে,২০১৮ বৰ্ষত সমগ্ৰ বিশ্বত মেলেৰিয়া ৰোগ হোৱা লোকৰ সংখ্যা হৈছে ২১৯ মিলিয়ন । ইয়াৰে মৃত্যুমুখত পৰে ৪ লাখ ৩৫ হাজাৰ লোকে ।