গুৱাহাটী,29মেঃ মাজুলি সোণোৱাল পেছাত এগৰাকী গীতিকাৰ,সুৰকাৰ তথা অভিনেতা হলেও বৰ্তমান তেওঁ এগৰাকী ব্যৱসায়ী। লক ডাউনৰ ফলত আৰ্থিক অনাটনে জুৰুলা কৰা শিল্পী জনে অৱশেষত বাছি ললে মাংস ব্যৱসায়। মাজুলীৰ যুৱক মাজুলি সোণোৱালে নিজ পৰিয়ালৰ সৈতে গুৱাহাটীৰ নবীন নগৰত ভাড়া ঘৰত থাকে। অসমৰ সাংস্কৃতিক জগত খনৰ সৈতে 2006 চনৰ পৰা কাম কৰি আহিছে মাজুলি সোনোৱালে। কিন্তু ক'ৰণা ভাইৰাছৰ বাবে অমানিশা নামি আহিল শিল্পী গৰাকীৰ জীৱনলৈ।
এজন শিল্পীৰ জীৱন সংগ্ৰাম লক ডাউনে সলনি কৰিলে জীৱিকা
জীৱন সংগ্ৰামৰ বাবে যেতিয়া সলনি হয় কৰ্মজীৱন সৃষ্টিশীল কামৰ পৰা আঁতৰি যেতিয়া এজন ব্যক্তি হৈ পৰে বেপাৰী ৷ কালিৰ শিল্পী আজিৰ মাংস বেপাৰী। পৰিয়াল চলাবৰ বাবে বহু লোকে লক ডাউনৰ সময়ত নিজৰ জীৱিকা সলনি কৰিলে।কোনো পদপথ ব্যৱসায়ী যদি হল চাফাই কৰ্মী লগতে আন কোনো গাড়ী চালক হল পাচলি বেপাৰী। মুঠৰ ওপৰত জীৱন সংগ্ৰামৰ যুঁজত নিজৰ সুবিধা অনুযায়ী বহু লোকে সলনি কৰিলে কৰ্ম জীৱন ৷
মাজুলি সোণোৱালে বহু কেইটা বিহুসুৰীয়া গীতত সহকাৰী গায়ক হিচাপে গান গাই অহাৰ লগতে বহু কেইটা গীত ৰচনা কৰিছে। বহু কেইটা এলবামৰ গানত অভিনয়, দূৰদৰ্শনত অভিনয় কৰাৰ লগতে কোৰাছ আৰু ঢোলো বজাই আহিছে মাজুলি সোনোৱালে। এই সাংস্কৃতিক জগত খনৰ লগত জড়িত ওতঃপ্ৰোত ভাৱে জড়িত হৈ থকা মাজুলি সোনোৱালক পৰিস্থিতিয়ে অৱশেষত বাধ্য কৰিলে মাংস বেপাৰ কৰিবলৈ। যদিও পৰিস্থিতিত পৰি তেওঁ মাংস বেপাৰ কৰিছে হলেও তেওঁৰ মনত কোনো খেদ নাই। সাংস্কৃতিক জগত খনত কাম কৰি যিদৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল আজি মাংস বেপাৰ কৰিও সেই একেই দৰে আছে। যদিও বৰ্তমান বেপাৰত নিয়োজিত হৈছে তেওঁ ভৱিষ্যতত সাংস্কৃতিক জগততে কাম কৰি যাব বুলি জানিবলৈ দিলে মাজুলি সোণোৱালে।
লগতে পঢ়কঃ Menstrual Hygiene Day: শ্ৰমিক ৰে'লত মহিলা সকলৰ মাজত পেড বিতৰণ