গুৱাহাটী, 12 অক্টোবৰঃ ৰাজ্যৰ পৰ্যটন বিভাগৰ বাবে ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে অসম পৰ্যটন নিগমে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ আগন্তুক ৰাস মহোৎসৱ উপলক্ষে পৰ্যটন বিভাগে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যটক আদৰিবলৈ গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷ সেই অনুসৰি অহা 11 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ বাবে পৰ্যটকক বিশেষ সুবিধা প্ৰদান কৰিব ৰাজ্যিক পৰ্যটন নিগমে ৷
ৰাজ্যিক পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই সংবাদমেল অনুষ্ঠিত কৰি প্ৰকাশ কৰিছে এই তথ্য ৷ ৰাস মহোৎসৱ দৰ্শনৰ বাবে পৰ্যটন বিভাগে বিভিন্ন সংস্থাৰ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ সৈতে লগ লাগি পৰ্যটকক প্ৰদান কৰিব বিভিন্ন সুবিধা ৷ সেই অনুসৰি, গুৱাহাটীস্থিত পৰ্যটন নিগমৰ কাৰ্যালয়ৰ পৰা দৰ্শনাৰ্থীয়ে ল'ব পাৰিব ভ্ৰমণ তথা থকা-খোৱাৰ টিকট ৷ ইতিমধ্যে অনলাইনযোগে টিকট পঞ্জীয়নৰ ব্যৱস্থা মুকলি কৰিছে পৰ্যটন নিগমে ৷ পৰ্যটকৰ বাবে এই টিকটসমূহত মাজুলী আৰু নলবাৰীলৈ অহা-যোৱাৰ লগতে নিৰ্দিষ্ট স্থানত থকা-খোৱাৰ ব্যৱস্থা উপলব্ধ থাকিব ৷ মাজুলীত পৰ্যটকৰ বিশেষ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তিনি স্থানত টেণ্টৰ ব্যৱস্থা কৰাৰ উপৰিও গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰৰ পৰা মাজুলীলৈ পোনপটীয়াকৈ বাছ সেৱাৰ ব্যৱস্থা কৰিছে নিগমে । আনহাতে নলবাৰী ৰাসৰ বাবে টিকটৰ সৈতে সংলগ্ন থাকিব ভ্ৰাম্যমান থিয়েটাৰ উপভোগৰ সুবিধা ৷ অসমৰ ৰাস মহোৎসৱৰ লগতে ভ্ৰাম্যমান থিয়েটাৰৰ বাবে পৰ্যটন বিভাগে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ মুখ্য চহৰসমূহত বিজ্ঞাপন প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও বিভিন্ন চিনেমাগৃহ তথা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদমাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াযোগে ৰাস মহোৎসৱৰ প্ৰচাৰ চলাই থকাৰ কথাও প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে ৷