গুৱাহাটী, ৮ জুলাই : ভাৰত চৰকাৰে দেশৰ উঠি অহা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে যাতে নিজৰ দক্ষতা, যোগ্যতা, অভিজ্ঞতা অনুসৰি অৰ্দ্ধ সামৰিক কেন্দ্ৰীয় আৰক্ষী বাহিনী সমূহত যোগদান কৰি দেশমাতৃৰ সেৱা কৰিব পাৰে তাৰ বাবে বহু গৱেষণা, অধ্যয়নৰ যোগেদি কেইবাটাও পৰিক্ৰমাৰ অন্ততহে 'অগ্নিপথ' আঁচনি প্ৰস্তুত কৰা হৈছে (Agneepath scheme prepared after several stages of research and study) ।
এই অভিলাষী আঁচনিখনৰ পৰা অধিক লাভাম্বিত হ'ব দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ(NCC) কেডেটসকল । এই মন্তব্য এনচিচিৰ উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ(Additional Director General, North East Zonal Directorate, NCC, Major General Bhaskar Kalita) ।
শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত চলি থকা ৬০ আসাম এনচিচি গাৰ্লছ বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলক সম্বোধন কৰি এনেদৰে কয় মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । কেডেটসকলক অগ্নিপথ আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ৷ আঁচনিখনৰ জৰিয়তে কেডেটসকল কিদৰে লাভাম্বিত হ'ব তাৰ ব্যাখ্যা দাঙি ধৰে মেজৰ জেনেৰেলগৰাকীয়ে ।