গুৱাহাটী, ৩ আগষ্ট :চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মাকৈৰ এখন বৃহৎ বজাৰ আছে । এই বজাৰৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে অসমৰ পৰা বাংলাদেশলৈ প্ৰথমবাৰৰ বাবে মাকৈ ৰপ্তানি কৰা হয় । এখন ট্ৰাকযোগে মঙলবাৰে ৫০ মেট্ৰিক টন মাকৈ অসমৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হয় । গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয় চৌহদত কৃষি মন্ত্ৰী অতুল বৰাই ফ্লেগ অফ কৰাৰ পাছতেই মাকৈ ভৰ্তি ট্ৰাক বাংলাদেশ অভিমুখে ৰাওনা হয় ।
ইয়াৰ পাছতেই এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয়, আজি পৰীক্ষামূলকভাৱে ৫০ মেট্ৰিক টন মাকৈ বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে । পৰৱৰ্তী সময়ত ৫০ হাজাৰ মেট্ৰিক টন মাকৈ বাংলাদেশলৈ ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বাংলাদেশে আমাৰ পৰা বছৰি ২৫ লাখ মেট্ৰিক টন মাকৈ বিচাৰিছে ।
আমি বাংলাদেশৰ এই চাহিদা পূৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো । বিগত ৫ বছৰত আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে কৃষি খণ্ডৰ যথেষ্ট উত্তৰণ ঘটিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মানবিশিষ্ট উৎপাদনত যথেষ্ট গুৰুত্ব দিছে ।
লগতে পঢ়কঃ সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান