গুৱাহাটী, 19 জুন: বৃহস্পতিবাৰে নিশা হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ মালিগাঁৱৰ দুটাকৈ স্থানৰ লগতে কামাখ্যা মন্দিৰৰ চৌহদতো হয় ভূমিস্খলন ৷ পাহাৰৰ মাটি খহি পৰাত বন্ধ হৈ পৰে কামাখ্যালৈ যোৱা মূল প্ৰৱেশ পথ ৷
ভূমিস্খলনৰ ফলত বন্ধ কামাখ্যাৰ মূল প্ৰৱেশ পথ - মালিগাঁৱৰ দুটাকৈ স্থানত ভূমিস্খলন
বৃহস্পতিবাৰে নিশা হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীৰ ঠায়ে ঠায়ে সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷
![ভূমিস্খলনৰ ফলত বন্ধ কামাখ্যাৰ মূল প্ৰৱেশ পথ Main road to Maa kamakhya blocked due to landslide](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7681360-705-7681360-1592554467823.jpg)
ভূমিস্খলনৰ ফলত বন্ধ কামাখ্যাৰ মূল প্ৰৱেশ পথ
ভূমিস্খলনৰ ফলত বন্ধ কামাখ্যাৰ মূল প্ৰৱেশ পথ
পথটোৰ কেইবা ঠাইতো সংঘটিত হৈছে ভূমিস্খলন ৷ লগতে উভালি পৰিছে প্ৰকাণ্ড গছ ৷ বৰ্তমান ঘটনাস্থলীত জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষৰ লোক উপস্থিত হৈ উভালি পৰা গছ কাটি মুকলি কৰিছে পথচোৱা ৷
লগতে পঢ়কঃ মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া