অসম

assam

ETV Bharat / state

Minor Rape Case Guwahati: ধৰ্ষণৰ অভিযুক্ত বাবুল আহমেদক গ্ৰেপ্তাৰ; চকলেটৰ প্ৰলোভন দি ধৰ্ষণ কৰিছিল কিশোৰীক - Guwahati teenage girl rape case

কেইমাহমান পূৰ্বে বামুণীমৈদামৰ কুশল নগৰত ধৰ্ষণৰ বলি হৈছিল এগৰাকী 12 বছৰীয়া নাবালিকা । এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বাবুল আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ (rape accused arrested in Barpeta) । বৰপেটাৰ বাঘবৰ মহৰিপামৰ পৰা গ্ৰেপ্তাৰ ধৰ্ষণত অভিযুক্ত বাবুল আহমেদক ।

rape accused arrested in Barpeta
Minor Rape Case Guwahati

By

Published : Feb 17, 2023, 6:24 PM IST

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ বামুণীমৈদাম কুশল নগৰ অঞ্চলত এগৰাকী ১২ বছৰীয়া কন্যাক বলাৎকাৰ কৰা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে চানমাৰি আৰক্ষীয়ে (minor rape case in Bamunimoidam Guwahati) । আৰক্ষীৰ জালত পৰা অভিযুক্তজন হৈছে বৰপেটাৰ বাবুল আহমেদ ওৰফে ৰুবুল (২৪) । ঘটনাৰ পিচৰে পৰা পলাতক হৈ আছিল অভিযুক্ত বাবুল আহমেদ (Rape accused of Bamunimoidam arrested) ।

ইফালে আৰক্ষীয়ে বাবুল আহমেদৰ সম্ভেদ বিচাৰি বহুত বিচাৰ-খোচাৰ কৰাৰ অন্তত বৃহস্পতিবাৰে পুৱতিনিশা বৰপেটাৰ বাঘবৰ মহৰিপাম গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰ্ষণৰ গোচৰত অভিযুক্ত বাবুল আহমেদক । উল্লেখ্য যে, কেইমাহমান পূৰ্বে বামুণীমৈদাম কুশল নগৰত সংঘটিত হৈছিল এক ধৰ্ষণ কাণ্ড (Guwahati minor rape case) । এগৰাকী 12 বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত বাবুল আহমেদে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড । পিছত চানমাৰি আৰক্ষীৰ তৎপৰতাত বৰপেটাৰ নিজগাঁও বাঘবৰ মহৰিপামৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, বামুণীমৈদামত মাছ ব্যৱসায়ী হিচাপে পৰিচিত আছিল অভিযুক্ত বাবুল আহমেদ । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ভুক্তভোগী কন্যাগৰাকীৰ লগতে তেওঁৰ পিতৃ-মাতৃ কুশল নগৰ অঞ্চলত এঘৰ লোকৰ ঘৰত দীৰ্ঘদিন ধৰি ভাৰাতীয়া হিচাপে আছিল । আনহাতে, সেই একে চৌহদতে ভাৰাতীয়া হিচাপে আছিল এই ঘটনাৰ মূল অভিযুক্ত অভিযুক্ত বাবুল আহমেদ ওৰফে ৰুবুল (rape accused arrested in Barpeta) । অভিযোগ অনুসৰি, আনৰ ঘৰত কাম-বন কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে কাম কৰিবলৈ ওলাই যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ ১২ বছৰীয়া নাবালিকা চকলেট দিয়াৰ চলেৰে ফুচুলাই বাবুল আহমেদে বলাৎকাৰ কৰাৰ অভিযোগ ।

জানিব পৰা মতে, বিগত প্ৰায় তিনি মাহ ধৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল বাবুল আহমেদে । বাবুল আহমেদৰ এনে জঘন্য কাণ্ডৰ ফলত নাবালিকাগৰাকী দুমাহৰ অন্তঃসত্তা হ'বলগীয়া হয় । পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ শাৰীৰিক পৰিবৰ্তন চকুত পৰে মাতৃৰ । মাতৃয়ে তেওঁৰ কন্যা ২ মাহৰ অন্তঃসত্তা হোৱাটো নিশ্চিত হয় । পিচত কন্যাক এই বিষয়ে সোধপোচ কৰাত মাতৃক কান্দি কান্দি সকলো কথাত বিৱৰি কয় ।

ইফালে কণমানি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা কথাটো মাতৃয়ে গম পোৱা বুলি জানিব পৰাত বুধবাৰে নিশাতেই গুৱাহাটীৰ ভাৰাঘৰৰ পৰা পৰা পলয়ন কৰে অভিযুক্ত বাবুল আহমেদে । আনহাতে, ঘটনা সন্দৰ্ভত ভুক্তভোগী কন্যাশিশুটিৰ মাতৃয়ে বৃহস্পতিবাৰে চানমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি অভিযান চলাই আটক কৰে ধৰ্ষণ-কাণ্ডৰ অভিযুক্ত বাবুল আহমেদক ।

লগতে পঢ়ক :Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details