গুৱাহাটী,১৬ মাৰ্চ : গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় (Rapist Vicky Ali dies in Police encounter)। ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিছিল বিকি আলী । কিন্তু আৰক্ষীৰ ছাৰ্ভিচ ৰিভ'লভাৰ কাঢ়ি পলোৱাৰ চেষ্টা কৰোতেই আৰক্ষীয়ে বিকিক লক্ষ্য কৰি গুলীচালনা কৰে (Police encounter in Guwahati)। এনকাউণ্টাৰ সম্পৰ্কে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াই উপ-আৰক্ষী আয়ুক্ত (DCP) নৱনীত মহন্তই ।
গড়চুক আৰক্ষী থানাত সংবাদমেল সম্বোধন কৰি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ধৰ্ষণৰ বাকী কেইটা অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে বিকিক লগত লৈ অভিযান চলাইছিল । অভিযানৰ সময়তে অসম-মেঘালয় সীমান্তৱৰ্তী গড়ভঙা বনাঞ্চলত পানবজাৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভ'লভাৰ কাঢ়ি পলোৱাৰ চেষ্টা কৰিছিল বিকিয়ে । আৰক্ষীলৈ লক্ষ্য কৰি দুই জাই গুলিও ফুটাইছিল বিকিয়ে ।
আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকিক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । এই গুলীচালনাত নিহত হয় বিকি আলী (Main accused of Garigaon rape case dies)।