অসম

assam

ETV Bharat / state

গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণঘটনাৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ - কামৰূপৰ দামপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকি আলীক

গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণঘটনাৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ । কামৰূপৰ দামপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকি আলীক (Main accused in gang rape case in Garigaon arrested)।

main accused in gang rape case in garigaon arrested
গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণঘটনাৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

By

Published : Mar 15, 2022, 9:32 PM IST

গুৱাহাটী, ১৫ মাৰ্চ:গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ ঘটনাৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ । কামৰূপৰ দামপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকি আলীক । দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল অভিযুক্ত বিকিয়ে (Main accused in gang rape case in Garigaon arrested) ৷

অভিযুক্ত আন চাৰিগৰাকী ক্ৰমে ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী বৰ্তমানো পলাতক । উল্লেখ্য যে ১৬বছৰীয়া কিশোৰী গৰাকী সৈতে অভিযুক্ত বিকি আলিৰ(২২) প্ৰেমৰ সম্পৰ্ক আছিলে । ১৬ ফেব্ৰুৱাৰীত অভিযুক্ত বিকি আলীয়ে কিশোৰী গৰাকীক লৈ গৈছিল ঘৰলৈ ।

ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনত আবদ্ধ কৰিছিল ভিডিঅ'। মোবাইলত আবদ্ধ ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল দুৰ্ভগীয়া কিশোৰী গৰাকীক ।

গেষ্ট হাউচৰ ১০৫ নম্বৰ কোঠাত বিকিয়ে চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল । উল্লেখ্য বিশেষ সূত্ৰ খবৰ মতে কিশোৰী গৰাকীয়ে ৭ মাৰ্চৰ দিনা পৰিয়ালক সমগ্র ঘটনা অৱগত কৰে । তাৰ ভিত্তিত ৮ মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে ।

লগতে পঢ়ক:World Consumer Rights Day 2022 : বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস কিয় প্ৰয়োজনীয় ?

ABOUT THE AUTHOR

...view details