অসম

assam

ETV Bharat / state

JNUৰ কাণ্ডৰ বিৰোধিতাৰে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ - ৰাজীৱ ভৱন ঘেৰাও মহিলা কংগ্ৰেছৰ

ৰাজীৱ ভৱনৰ সন্মুখত মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। জে এন ইউৰ ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ। কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি জে এন ইউ ঘটনাৰ তদন্তৰ দাবী।

বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ CAA বিৰোধী প্ৰতিবাদ
বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ CAA বিৰোধী প্ৰতিবাদ

By

Published : Jan 10, 2020, 6:31 PM IST

Updated : Jan 10, 2020, 7:11 PM IST

গুৱাহাটী, 10 জানুৱাৰী: নতুন দিল্লীস্থিত জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত বিগত ৫ জানুৱাৰীত বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজীৱ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সদস্য সকলে। বকোৰ বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ সদস্যসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

লগতে পঢ়ক: কৰিমগঞ্জত অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ উদ্ধাৰ: আটক 3

হাতে হাতে বেনাৰ, পোষ্টাৰলৈ কংগ্ৰেছৰ মহিলা সদস্যসকলে জে এন ইউত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ তদন্ত কৰি দোষীসকলক শাস্তি প্ৰদানৰ দাবী জনায়। বকোৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে কয় যে, মেধাবী ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰা জে এন ইউ আৰু জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চলা এনে আক্ৰমণ অতিকৈ নিন্দনীয়।

বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত মহিলা কংগ্ৰেছৰ CAA বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে, নতুন দিল্লীস্থিত জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ বৰ্ধিত মাচুলক লৈ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে বিগত ৫ জানুৱাৰীত এচামন দুস্কৃতিকাৰীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমৰো ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হয়।

Last Updated : Jan 10, 2020, 7:11 PM IST

ABOUT THE AUTHOR

...view details