"মই 125 বছৰ জীয়াই থাকিব খোজো" - অসমৰ ৰাইজক একত্ৰিত কৰিছিল বাপুজীয়ে
125 বছৰ জীয়াই থকাৰ আশাৰে সজা বিশেষ কুটীৰ পৰাই স্বাধীনতা আন্দোলনৰ বাবে জনসাধাৰণক একত্ৰিত কৰিছিল মহাত্মাই । দেশৰ জনসাধাৰণক একত্ৰিত কৰাৰ উদেশ্য মহাত্মা গান্ধীয়ে দেশৰ সকলো ৰাজ্য সকলো স্থানলৈ গৈছিল । সেইদৰেই ঘূৰি ফুৰোতে অসমলৈ চাৰি বাৰকৈ আহিছিল মহাত্মা গান্ধী । কিন্তু সেয়াই শেষ আছিল তেওঁৰ ৷
এই কূটীৰটোৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ৰাইজক একত্ৰিত কৰিছিল বাপুজীয়ে ৷ স্বাধীনতা আন্দোলনৰ ভৰপক সময় ৷ দেশত স্বাধীনতাৰ বতাহ বলিছে দ্ৰুত গতিত ৷ ইতিমধ্যেই মহাত্মা গান্ধীয়ে ঠিক কৰি পেলাইছিল অসমলৈ অহাৰ বাবে৷ সেই মতে তেতিয়াৰ কংগ্ৰেছ নেতা সকললৈ এখন পত্ৰ লিখিলে গান্ধীজীয়ে ৷ তাত তেওঁ লিখিছিল " মই 125 বছৰ জীয়াই থাকিব খোজো । অসমত বেছিকৈ ঘূৰি নুফুৰি গুৱাহাটীত থাকিয়েই সকলো কাম কৰিব খোজো । সেই মতেই সেই সময়ৰ কংগ্ৰেছৰ সক্ৰিয় নেতা হিচাপে জড়িত গোপীনাথ বৰদলৈৰ লগতে বহু কেইজন নেতাই গুৱাহাটীৰ শৰণীয়াত বিশেষ ভাৱে এটা বাঁহ খেৰৰ কুটিৰ সাজিলে আৰু সেই বিশেষ কুটিৰতে তিনিদিন কটাইছিল মহাত্মা গান্ধীয়ে । চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...