গুৱাহাটী,১৮ ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰি (Mahashivratri 2023)। ৰাজ্যখনৰ বিভিন্ন জিলাৰ দৰে গুৱাহাটী মহানগৰীত শিৱৰাত্ৰি পূজাৰ ব্যাপক আয়োজন কৰা হৈছে । ঐতিহাসিক শুক্ৰেশ্বৰ মন্দিৰতো দেখা গৈছে শিৱৰাত্ৰিৰ বিশেষ আয়োজন । ৰাজ্যৰ বিভিন্ন শিৱমন্দিৰ, শিৱদ'ল আদিত শিৱৰাত্ৰি পূজা কৰা হৈছে । শিৱৰাত্ৰি উপলক্ষে শুক্ৰেশ্বৰ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে (Shukreswar Devalay in Guwahati)।
ভক্তসকলে শাৰী শাৰীকৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি হাতত ফুল-নৈবদ্য লৈ শিৱক আৰাধনা কৰিছে (Mahashivratri celebrated at Shukreswar Devalay)। হাতত গাখীৰ লৈ শিৱ লিংগত ঢালি শিৱক আৰাধনা কৰিছে । ধূপ, চাকি আদি জ্বলাই ভক্তসকলে মহাদেৱক প্ৰাৰ্থনা কৰিছে । এক শৃংখলাবদ্ধ পৰিৱেশৰ মাজেৰে মন্দিৰত মহাদেৱক আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে । কেৱল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰতে নহয় উমানন্দ দেৱালয়, লংকেশ্বৰ মন্দিৰ আদি সকলো শিৱমন্দিৰত, দেৱালয়ত ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ।
শিৱৰাত্ৰিৰ মূল পূজাভাগ সন্ধিয়াৰ পৰা আৰম্ভ হ'ব । উল্লেখ্য যে শিৱ চতুর্দশী তিথি, শিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি একেই ব্রত । মাথোঁ একেই পূজাৰ বিভিন্ন নামহে । শিৱৰাত্ৰি মাঘী কৃষ্ণপক্ষৰ চতুৰ্দ্দশী তিথিত পালন কৰা হয় । তিথিৰ বিচাৰ অনুযায়ী এই পূজা প্রতি বছৰে ফাগুন মাহত হয় । সম্পূৰ্ণৰূপে পৌৰাণিক এই ব্রতটো সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ভাষা, সম্প্ৰদায়ৰ মাজত পালিত হৈ আহিছে ।