গুৱাহাটী,২৪ জুনঃ মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধকাৰী ৰাজনৈতিক নাটকখনৰ আজিও যৱনিকা পৰা নাই । বৰং সঘনে সলনি হৈছে ইয়াৰ দৃশ্যপট (Maharashtra political drama continue ) । বুধবাৰৰ পৰা কাৰ্যতঃমহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু । দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটীৰ এই হোটেলখন (Radission Blue)।বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ ৪০ জনীয়া বিসম্বাদী বিধায়কৰ দল এটা লৈ গুৱাহাটীলৈ আহি বাহৰ পাতিছে বিসম্বাদী শিবিৰৰ নেতৃত্ব দিয়া শিৱসেনাৰ নেতা একনাথ সিন্দেই। তাৰ পাছৰে পৰাই বিগত দুদিন ধৰি গুৱাহাটী দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰে।
গুৱাহাটীত বাহৰ পাতিয়েই একনাথ সিন্দে নেতৃত্বাধীন বিসম্বাদী শিবিৰে শক্তি প্ৰদৰ্শনৰ কুচ-কাৱাজত অৱতীৰ্ণ হৈছে । ইফালে,বুধবাৰৰ পৰাই দুই-চাৰিজনকৈ শিৱসেনা আৰু নিৰ্দলীয় বিধায়কৰ আগমন ঘটি আছে বিসম্বাদী শিবিৰলৈ । ইতিমধ্যে ৪২গৰাকী বিধায়কৰ সমৰ্থন থকাৰ কথা উল্লেখ কৰিছে একনাথ সিন্দেই । সংখ্যাৰ খেলৰ এই অংকক লৈ এতিয়া ব্যস্ত বিসম্বাদী শিবিৰ । লক্ষণীয় বিষয় যে ৰেডিশ্বন ব্লুলৈ বিধায়কৰ আগমনৰ ধাৰা অব্যাহত আছে ।
অসম চৰকাৰৰ তত্বাৱধানত ৰাজ-আতিথ্যত আছে মহাৰাষ্ট্ৰ বিসম্বাদী বিধায়ক সকল । বিগত দুদিন ধৰি এখনৰ পাছত আনএখনকৈ বৈঠক অনুষ্ঠিত কৰি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয়ত ব্ৰতী হৈ আছে বিসম্বাদী বিধায়কসকল । এইক্ষেত্রত সহযোগী হিচাপে আছে বিজেপি । এতিয়া যেন দিল্লী আৰু দিছপুৰৰ ওপৰতে নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ । মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ খেল দিল্লী আৰু দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে । যিকোনো সময়ত পট পৰিৱৰ্তন হ'ব পাৰে ।
মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ গুৱাহাটীত চলি থকা ৰাজনৈতিক খেলখনত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্মূখত নাই যদিও আঁৰৰ পৰাই যেন সকলো নিয়ন্ত্ৰণ কৰি আছে । বুধবাৰৰ পৰা সমগ্ৰ দেশৰ দৃষ্টি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক প্ৰেক্ষাপটক কেন্দ্ৰ কৰি গুৱাহাটীত নিৱদ্ধ হৈ আছে যদিও মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।