অসম

assam

ETV Bharat / state

নিক‍া-স্বচ্ছ ভোট গণনাৰ বাবে মহাজোঁটৰ নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট - নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ

কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটে দিছপুৰত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি দিলে স্মাৰক পত্র। মুখ্য নিৰ্বাচন আয়ুক্তলৈ স্মাৰক পত্র প্ৰেৰণ । নিকা আৰু স্বচ্ছভাৱে ভোট গণনা অনুষ্ঠিত কৰাৰ দাবীৰে মহ‍জোঁটে উত্থাপন কৰিলে ছয়টা বিষয় ।

নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ
নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ

By

Published : Apr 13, 2021, 10:22 PM IST

গুৱাহাটী,১৩ এপ্ৰিল:কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটৰ দহটাকৈ দলৰ প্ৰতিনিধিয়ে মঙলবাৰে দিছপুৰৰ জনতা ভৱনত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি দুখন স্মাৰক পত্র প্ৰদান কৰে । এখন স্মাৰক পত্র বিষয়া গৰাকীৰ জৰিয়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰে ।

নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ

স্মাৰক পত্রত মহাজোঁটে নিকা আৰু স্বচ্ছতাৰে ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে ছয়টা পইণ্ট উল্লেখ কৰে । স্মাৰক পত্র প্ৰদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত হোৱা চৰকাৰী বিষয়াসকলৰ তালিকা তেওঁলোকক দিব লাগে । সেইদৰে ষ্ট্ৰং ৰুমৰ পৰা ভোট গণনা কেন্দ্ৰলৈ ইভিএমসমূহ অনাৰ সমস্ত প্ৰক্ৰিয়াৰ ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগে ।

নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ

লগতে ভোট গণনাৰ সমস্ত প্ৰক্ৰিয়াৰো ভিডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিব লাগে । আনহাতে ষ্ট্ৰং ৰুম খোলাৰ সময়ৰ পৰা ভোট গণনা কেন্দ্ৰলৈ নিয়ালৈ প্ৰতিগৰাকী প্ৰাৰ্থীৰ এজেণ্টক থকাৰ সুবিধা কৰি দিব লাগে । সেইদৰে ইভিএম গণনাৰ পূৰ্বে পোষ্টেল বেলেটৰ গণনা কৰাৰ বাবেও কংগ্ৰেছে দাবী জনাইছে । লগতে পোষ্টেল বেলেটৰ সমস্ত তথ্য দিয়াৰ বাবে দাবী জনাইছে কংগ্ৰেছ দলে ।

নিক‍া আৰু স্বচ্ছ ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগলৈ ছয়টা পইণ্ট মহাজোঁটৰ

মহাজোঁটৰ প্ৰতিনিধি দলটোত সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ খাম্ফা বৰগয়াৰী, আঞ্চলিক গণ মৰ্চাৰ মনজিৎ মহন্তকে ধৰি আন অংশীদাৰ দলৰ নেতাসকল আছিল ।

লগতে পঢ়ক:কাইলৈ গৰু বিহু

For All Latest Updates

ABOUT THE AUTHOR

...view details