অসম

assam

Magic Driver Protest at Noonmati : যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ-শ মেজিক চালক

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:50 PM IST

মহানগৰীৰ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ মেজিক চালকৰ ৷ ইচ্ছা অনুসৰিয়ে যান-বাহন আৰক্ষীয়ে মেজিক বাহনৰ ওপৰত জৰিমনা বিহাৰ অভিযোগ মেজিক চালকৰ ৷

Magic Driver Protest at Noonmati
যান বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ মেজিক চালক

যান বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ মেজিক চালক

গুৱাহাটী, 14 নৱেম্বৰ : মহানগৰীৰ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল শ-শ মেজিক চালক ৷ অভিযোগ অনুসৰি যান-বাহন আৰক্ষীয়ে ইচ্ছা অনুসৰিয়ে মেজিক চালকক জৰিমনা প্ৰদান কৰে ৷ সেয়ে অতিষ্ঠ হৈ মেজিক চালকসকলে নুনমাটি আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী মেজিক চালসকলে কয়, ‘‘যান-বাহন আৰক্ষীয়ে জধেমধে আমাক জৰিমনা বিহি আহিছে ৷ তেওঁলোকৰ বাবে আমি পৰিয়াল চলাব পৰা নাই ৷ আমাৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে ৷ কাৰণ মহানগৰী আৰক্ষীৰ যান-বাহন শাখাই মেজিক বাহনসমূহৰ ওপৰত তেওঁলোকৰ ইচ্ছা অনুসৰিয়ে 2-12 হাজাৰ টকালৈকে জৰিমনা আদায় কৰে ৷ আমাৰ যিখিন দৈনিক উপাৰ্জন সেয়া জৰিমনা দিওঁতে যায় ৷ তেতিয়া হ’লে কেনেকৈ পৰিয়াল চলাম ৷ মালিকক কি দিম ! আমি আমাৰ পকেটৰ পৰা মালিকক দিব লাগিব নেকি ধন ! ’’

তেওঁলোকে কয়, ‘‘বিশাল নামৰ কেইবাখনো মেজিক চলাচল কৰে ৷ কিন্তু তেওঁলোকক কোনো জৰিমনা দিয়া নহয় ৷ কিন্তু আমাকহে যান-বাহন আৰক্ষীয়ে দেখে ৷ গুৱাহাটী মহানগৰীত সহস্ৰাধিক মেজিক বাহন চলাই শিক্ষিত নিবনুৱা যুৱকে জীৱন নিৰ্বাহ কৰি আছে । ইয়াৰ মাজতে মহানগৰী আৰক্ষীৰ যান-বাহন শাখাই মেজিক বাহনসমূহৰ ওপৰত জধেমধে জৰিমনা বিহি চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে ।’’

মেজিক চালকৰ আন এক অভিযোগ অনুসৰি, পাথৰকুঁৱৰী মেজিক পাৰ্কিং স্থানত পাৰ্কিং কৰি ৰখা মেজিক বাহনসমূহৰো ফটো মাৰে যান-বাহন আৰক্ষীয়ে ৷ সেয়ে যান-বাহন আৰক্ষীয়ে মেজিক চালকসকলক নিৰ্যাতন চলোৱা বন্ধ কৰক আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মেজিক চালকসকলে ৷

লগতে পঢ়ক:GMC development: প্ৰতিশ্ৰুতি মতে গুৱাহাটীৰ উন্নয়ন সাধনত ব্যৰ্থ বিজেপি !

ABOUT THE AUTHOR

...view details