অসম

assam

By

Published : Jan 11, 2023, 6:14 PM IST

ETV Bharat / state

Magh Bihu celebration: মহানগৰীৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী

অসমীয়াৰ হেপাঁহৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাথো দুদিন (Assamese people celebrating Bhogali bihu) ৷ ভোগৰ উৎসৱক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো চলিছে ব্যাপক প্ৰস্ততি ৷

Magh Bihu preparation in Guwahati
মহানগৰীৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী

মহানগৰীৰ বজাৰত উভৈনদী ভোগালীৰ সামগ্ৰী

গুৱাহাটী, ১১ জানুৱাৰী:ভোগৰ উৎসৱ ভোগালী (Magh Bihu in Assam)। অসমীয়াৰ বাপতি-সাহন ভোগালী বিহুলৈ মাজত দুদিন বাকী। শনিবাৰে উৰুকা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে (Magh Bihu celebration in Guawahati)।

সমাগত ভোগালীক আদৰিবলৈ উচাহ বৃদ্ধি পাইছে মহানগৰবাসীৰ মাজত । মহানগৰীৰ ভিন্ন স্থান এতিয়া ভৰি পৰিছে ভোগালীৰ সামগ্ৰীৰে (Bhogali preparation in Guwahati) ।খাদ্য সম্ভাৰেৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ,পদপথ । প্ৰতিবছৰৰ দৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰা হৈছে (Assamese people celebrating Bhogali bihu)। দীঘলীপুখুৰীৰ পাৰ, লক্ষীধৰ বৰা ক্ষেত্ৰ আৰু তীৰ্থনাথ শৰ্মা ভৱনত বৰ অসম আৰু চিৰসেউজ কলাকৃষ্টিৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন কৰা হৈছে।

বিভিন্ন প্ৰকাৰ পিঠা-লাড়ু, দৈ-ক্ৰীম,গুৰ, সান্দহকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে বজাৰ । বজাৰত পিঠা লাড়ুৰ পেকেট ৫০-৬০টকে, সৰভোগ, ৰামদিয়াৰ প্ৰতিলিটাৰ মহৰ দৈ ১৫০-১৬০ টকা, ক্ৰীম ৬০০ টকা, গুৰ প্ৰতিকিলো ১০০ টকা, নাৰিলকৰ লাড়ু প্ৰতি পেকেট ৫০-৬০ টকা, তিলৰ লাড়ু ৫০ টকা, পিঠাগুৰিৰ লাড়ু ৫০ টকা, বৰা পিঠা ৫০ -৬০ টকা পেকেট, তেল পিঠা ৫০ টকা পেকেট, হুৰুম ১০০ টকা , সান্দহ ১০০ টকা কেজি , মালভোগ ধানৰ চিৰা ৮০ টকা কেজি , ক’লা চাউলত প্ৰতিকিলো ১৩০-১৫০ টকা , নলবৰা চাউল ১০০ টকা কেজি, বকুল বৰা ধানৰ চিৰা প্ৰতিকিলো ১০০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।

তদুপৰি মেলাবোৰত ঢেকীত খুন্দি বৰা চাউলৰ পিঠাগুৰিও ১৮০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰা হৈছে । মেলা সমূহত গ্ৰাহকৰ সহাৰি পোৱা বুলিও বিক্ৰেতাসকলে জানিবলৈ দিয়ে ৷

আনহাতে দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা ভোগালী মেলাত গৰুখুঁটি বহুমুখী প্ৰকল্পৰ চুঙা দৈ, মাহ, তিল , পিঠা-পনা , লাড়ু, চাউল, জহা চাউল, পাচলি অন্যান্য থলুৱা সামগ্ৰীৰ বিক্ৰী হৈছে । ব্যৱসায়ী সকলে জনোৱা মতে গৰুখুঁটিৰ গাইৰ বাঁহৰ চুঙাৰ দৈ বিচাৰি বহু গ্ৰাহক আহিছে । এইবাৰ গৰুখুঁটিৰ পৰা ২৪০ লিটাৰ গাইৰ দৈ লৈ আহিছে ব্যৱসায়ী সকলে । প্ৰতি লিটাৰ দৈ ১৫০-২০০ টকাকৈ বিক্ৰী কৰাৰ লগতে গৰুখুঁটিত জৈৱিক পদ্ধতিৰে উৎপাদিত ৰঙালাও, বন্ধাকবি, মটৰ, মাটিমাহ, তিল আদিৰ লগতে লাড়ু, পিঠাকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰী কৰা হৈছে ।

লগতে পঢ়ক:Preparation for Bhogali Bihu: ধেমাজিত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details