গুৱাহাটী,10 ডিচেম্বৰ: কৰ’ণা-পক্ষীজ্বৰৰ মাজতেই ৰাজ্যত চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰিবলৈ সকলো প্ৰকাৰে প্ৰস্তুত হৈছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকসকলৰ লগতে মহানাগৰিকসকলো । যান্ত্ৰিকতাৰ ধামখুমীয়াত মহানগৰীত ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা ভোগালীৰ পৰম্পৰা, ৰীতি-নীতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে আশীৰ দশকৰ মিষ্টাৰ অসম খ্যাত বাবুল চেতিয়াই । ভোগালীৰ পৰম্পৰা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীৰ সুবিধা হোৱাকৈ বিক্ৰীৰ বাবে চেতিয়াই প্ৰস্তুত কৰিছে মেজি ।
মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ - মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ
এতিয়া ৰাজ্যত বাপতি সাহোন হেঁপাহৰ ভোগালী বিহুৰ বতৰ । আৰু মাথো দুদিনৰ পাছতেই ৰাজ্যজুৰি উদযাপিত হ’ব ভোগৰ উৎসৱ ভোগালী ৷ ইতিমধ্যে বজাৰ ভৰি পৰিছে চাউল, চিৰা, সান্দহ আদিৰে । কংক্ৰিটৰ মহানগৰীৰ বজাৰতো ব্যাপক উৎসাহ ভোগালী বিহু উদযাপনক কেন্দ্ৰ কৰি ।
![মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ Magh bihu preparation in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10185672-thumbnail-3x2-a.jpeg)
মহানগৰীত মেজিৰ বজাৰ
পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ
মহানগৰীৰ উলুবাৰী নাৰ্চাৰী তিনিআলিৰ 'সতেজ অসম' নামৰ স্বেচ্ছাসেৱী সংস্থাৰ বিপনীখনত উপলব্ধ হৈছে মহানাগৰিকৰ বাবে একপ্ৰকাৰ দুৰ্লভ সামগ্ৰী হিচাপে পৰিচিত এই মেজিসমূহ । প্ৰতিটো মেজি 900-2000 টকাৰ দৰত বিক্ৰী কৰা হৈছে ৷ উক্ত মেজিসমূহ প্ৰয়োজনত গ্ৰাহকৰ পৰা অৰ্ডাৰ লৈ হোম ডেলিভাৰী কৰাৰ সুবিধাও উপলব্ধ কৰিছে চেতিয়াই । চেতিয়াৰ এই প্ৰচেষ্টাই এইবাৰ মহানাগৰিকসকলক সহজে দিব পাৰিব ভোগালীৰ সুকীয়া অনুভূতি ৷
লগতে চাওকঃদুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল
Last Updated : Jan 10, 2021, 10:16 AM IST