গুৱাহাটী, ৯ অক্টোবৰঃচৰকাৰে বন্ধ কৰিব মাদ্ৰাছা-সংস্কৃত টোল৷ ইতিমধ্যে কেবিনেটত লোৱা এই সিদ্ধান্তৰ সফল সম্পাদন হ’ব নৱেম্বৰৰ পৰা ৷ চৰকাৰী খৰচেৰে ধৰ্মীয় শিক্ষা দিয়া নহয় কোনো কাৰণত ৷ অৱশ্যে কোনোবাই যদি ব্যক্তিগতভাৱে এই শিক্ষা গ্ৰহণ কৰে তাত চৰকাৰৰ আপত্তি নাই ৷ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে ৷
বিভাগীয় তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যত আছে সৰ্বমুঠ ৬১৪ খন ৷ স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা সমূহৰ ভিতৰত ৪০০ খন হৈছে হাই মাদ্ৰাছা, ১১২ খন জুনিয়ৰ হাই মাদ্ৰাছা , আৰু ১০২ খন চিনিয়ৰ মাদ্ৰাছা ৷
ইয়াৰে ৬৬ খন চিনিয়ৰ মাদ্ৰাছাক ইতিমধ্যে ফজিল মাদ্ৰাছালৈ উন্নীত কৰা হৈছে । একেদৰে ২১০ খন হাই মাদ্ৰাছাক উন্নীত কৰা হৈছে হায়াৰ মাদ্ৰাছালৈ । আনহাতে, ৰাজ্যিক সংস্কৃত ব'ৰ্ডৰ অধীনত পৰিচালিত হৈ আহিছে ৰাজ্যৰ সংস্কৃত টোলসমূহ । অসমৰ ৩২ খন জিলাত মুঠ ৬০০ খন এনে সংস্কৃত বিদ্যালয় আছে । 32 খন জিলাত 600 খন সংস্কৃত টোল আছে ৷