গুৱাহাটী, ৩ মাৰ্চ: নাচ-গানেৰে মুখৰিত হৈ পৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ বাকৰি ৷ জীৱনৰ ৰঙীণ সময় পাৰ কৰি অহা হোষ্টেলত ভৰি থৈ নষ্টালজিক হৈ পৰিব সেই হোষ্টেলৰ ন-পুৰণি সতীৰ্থ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ছাত্ৰাৱাস মাধৱ বেজবৰুৱা এক নং দুমহলীয়া ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন এখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে (Madhav Bezbaruah Hostel of Gauhati University) ৷ চলিত বৰ্ষৰ ৭ আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব এই ন-পুৰণি সতীৰ্থ সন্মিলনখনি ৷
বিস্তৃত কাৰ্যসূচীৰে আৱাসৰ চৌহদত অনুষ্ঠিত কৰা হ’ব ন-পুৰণি সতীৰ্থ সন্মিলনখনি ৷ সতীৰ্থ সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড৹ জগদীশ শৰ্মা, কাৰ্যকৰী সভাপতি ড৹ তপন দাস, পৰশ গাৰ্গ, সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে (Madhav Bezbaruah Hostel arrange alumni meet) ৷
লক্ষণীয় যে মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ অসংখ্য প্ৰাক্তন আৱাসীয়ে অসমৰ শৈক্ষিক, সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত অতুলনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী প্ৰতাপজ্যোতি সন্দিকৈ, ড৹ দীপক কুমাৰ শৰ্মা, ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে উপাচাৰ্যৰ পদ অলংকৃত কৰিছে ৷ ৰাজ্যৰ উন্নয়নৰ লগত জড়িত আৰু সামাজিক দিশৰ গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাক্তন আৱাসীয়ে কাম কৰি আছে ৷