অসম

assam

ETV Bharat / state

Assam Police Raid: মহানগৰীত জালনোটৰ ৰমৰমীয়া বেহা:মহিলাক গ্ৰেপ্তাৰ - জালনোট প্ৰস্তুত কৰা মেছিন

মহানগৰীত উদ্ধাৰ জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন(Machine with fake notes seized in Guwahati) । মহানগৰ আৰক্ষীৰ অভিযানত নোটসহ জালনোট প্ৰস্তুত কৰা মেছিনৰ লগতে গ্ৰেপ্তাৰ এগৰাকী মহিলা ৷

machine-with-fake-notes-seized-in-guwahati
মহানগৰীত জালনোটৰ ৰমৰমীয়া বেহা:মহিলাক গ্ৰেপ্তাৰ

By

Published : Jul 29, 2022, 7:54 PM IST

গুৱাহাটী, ২৯ জুলাই : গুৱাহাটী মহানগৰীত উদ্ধাৰ হ'ল জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন(Machine with fake notes seized in Guwahati) । শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰীৰ জ্যোতি নগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায় । এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল নোটসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

মহানগৰীত জালনোটৰ ৰমৰমীয়া বেহা:মহিলাক গ্ৰেপ্তাৰ

ধৃত মহিলা গৰাকী হৈছে ঊষা বৰ্মন (৩৬)। ধৃত মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে জাল নোট প্ৰস্তুত কৰা মেচিন, নগদ ২১,৫০০ টকা জাল নোট আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে । ধৃত মহিলাগৰাকী জ্যোতিনগৰৰ আৰীফ হুছেইন নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল । দীৰ্ঘদিন ধৰি ধৃত মহিলা গৰাকীয়ে জাল নোটৰ ব্যৱসায়ত জড়িত আছিল ।

ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । মহিলাগৰাকীয়ে জু-ৰোড তিনিআলিস্থিত এখন পাৰ্লাৰত কাম কৰে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে । অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বিতং তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে ।

লগতে পঢ়ক :চাহৰ দোকানত জাল নোট লৈ বহি আছিল ইন্টাজ; খবৰ পাই ধৰিলে গৈ আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details