অসম

assam

ETV Bharat / state

Singer Birendra Nath Datta : চিৰবিদায় মাগিলে লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট শিল্পী বীৰেন্দ্ৰনাথ দত্তই - অসমীয়া সংগীত জগতৰ বাটকটীয়া

পুনৰ এগৰাকী স্বনামধন্য অসমীয়াৰ মহাপ্ৰয়াণ ৷ বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক, পণ্ডিত, শিল্পী ড° বীৰেন্দ্ৰনাথ দত্তই নৱমীৰ পুৱাই ইহলীলা সম্বৰণ কৰে ৷ 88 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষকগৰাকীয়ে ।

Birendra Nath Datta passes away
চিৰবিদায় মাগিলে গৱেষক, শিল্পী বীৰেন্দ্ৰ নাথ দত্তই

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:57 AM IST

Updated : Oct 23, 2023, 1:46 PM IST

গুৱাহাটী, ২৩ অক্টোবৰ :নৱমীৰ পুৱাই অসমবাসীৰ বাবে এটা দুঃখবৰ । অসমে হেৰুৱালে এগৰাকী বিশিষ্ট অসমীয়াক ৷ 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই' বুলিবলৈ আৰু নাই বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত, শিল্পী ড° বীৰেন্দ্ৰ নাথ দত্ত । 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই’, 'ৰহিমলা ওৰণিৰ মাজেৰে', 'বগলী বগা ফোঁট দি যা' আদি চিৰসেউজ গীতৰ স্ৰষ্টাগৰাকীয়ে সোমবাৰে চিৰ বিদায় মাগিলে এই পৃথিৱীৰ পৰা ।

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক তথা শিল্পীগৰাকীয়ে । যোৱা কেইবাবছৰ ধৰি বাৰ্ধক্যজনিত কাৰণত শাৰিৰীকভাৱে অসুস্থ হৈ থকা বীৰেন্দ্ৰনাথ দত্তই 88 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । 1935 চনৰ 4 নৱেম্বৰত নগাঁৱত জন্ম গ্ৰহণ কৰা বিশিষ্ট শিল্পী, লোক-সংস্কৃতিৰ গৱেষক গৰাকীলৈ 2009 বৰ্ষত ‘সাহিত্য আৰু শিক্ষা’ ৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছিল ।

2003-2004 বৰ্ষত অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছিল ড৹ বীৰেন্দ্ৰনাথ দত্তই । গুৱাহাটীৰ চেনিকুঠীত স্কুলীয়া শিক্ষা আৰম্ভ কৰা বীৰেন্দ্ৰনাথ দত্তই পৰৱৰ্তী সময়ত বিশ্ব ভাৰতী, শান্তি নিকেতনৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে ৷ বি বৰুৱা কলেজ, গোৱালপাৰা কলেজ, পাণ্ডু কলেজ আদিত অধ্যাপনা কৰাৰ পিছত আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল ড৹ দত্তই ৷

লোকসংস্কৃতিৰ প্ৰখ্যাত গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ অধীনত 1974 চনত লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰি তেখেতে লাভ কৰে ডক্টৰেট ডিগ্ৰী ৷ পৰৱৰ্তী সময়ত Traditional Culture and Art Forms বিভাগত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো অধ্যাপক হিচাপে কাম কৰিছিল শিক্ষাবিদগৰাকীয়ে ৷ গৱেষক পণ্ডিত ড° বীৰেন্দ্ৰনাথ দত্ত আধুনিক ধাৰাৰ অসমীয়া সংগীত জগতৰ বাটকটীয়াসকলৰ ভিতৰত অন্যতম এজন ৷

গীতিকাৰ-শিল্পী হিচাবে ড° দত্তই এক সুকীয়া ধাৰাৰে অসমীয়া সংগীত জগতক প্ৰদান কৰিছিল নতুন মাত্ৰা । তেখেতৰ গীতবোৰ আজিও প্ৰতিটো প্ৰজন্মৰে মাজত বহুলভাৱে সমাদৃত ৷ তেখেতৰ 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই,' 'মেলি দিলো মন,' 'ৰহিমলা ওৰণিৰ মাজেৰে,' 'আহিনক কোনে আনে,' 'সীতা বনবাস,' 'বগলী বগা ফোঁট দি যা,' 'আকাশ আমাক অকণি আকাশ দিয়া,' 'অ’ ঘনচিৰিকা', ' অ’ ধুন ধুনীয়া মোৰ অকণমানি' আদি যুগজয়ী গীতবোৰ বাৰু কোন অসমীয়াই পাহৰিব পাৰিব ? অসমীয়া সংগীত জগতলৈ তেখেতৰ অৱদানে চিৰদিন বীৰেন্দ্ৰনাথ দত্তক প্ৰাতঃস্মৰণীয় কৰি ৰাখিব ৷

শাৰীৰিকভাৱে চিৰবিদায় মাগিলেও তেখেতৰ অৱদান সমূহ চিৰদিন খোদিত হৈ থাকিব অসমীয়া সংস্কৃতিৰ প্ৰাণস্পন্দনত ৷ লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষকগৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক:Orang National Park: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৰ এলেকাত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা একাংশৰ, প্ৰশাসনৰ সকীয়নি

Last Updated : Oct 23, 2023, 1:46 PM IST

ABOUT THE AUTHOR

...view details