অসম

assam

ETV Bharat / state

Lurinjyoti Gogoi: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী প্ৰীতি আছে; লুৰীণজ্যোতি গগৈ - Constituency delimitation in Assam

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে দলটোৰ সভাপতি লুৰীণজ্যোগি গগৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসমৰ বিজেপি চৰকাৰৰ স্থিতিকলৈয়ো প্ৰতিক্ৰিয়া লুৰীণজ্যোতিৰ ৷

Lurinjyoti Gogoi
Lurinjyoti Gogoi

By

Published : Jul 21, 2023, 7:45 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী প্ৰীতি আছে; লুৰীণজ্যোতি গগৈ

গুৱাহাটী, 21 জুলাই:অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল ৷ সংবাদমেলত ৰাজ্যৰ সাম্প্ৰতিক সময়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰত মন্তব্য প্ৰদান কৰে গগৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয় সন্দৰ্ভত মন্তব্য কৰি লুৰীণজোতি গগৈয়ে কয় যে অসমৰ বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোত আইনী যুঁজত নামিছো ৷

বিষয় সন্দৰ্ভত ন্যায়ালয়ত বিৰোধী ঐক্য মঞ্চই এটা গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অধিবক্তা কপিল সিবালে শুকুৰবাৰে এই বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত উত্থাপন কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টো যিহেতু অতি গুৰুত্বপূৰ্ণ সেয়েহে বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে শক্তিশালী ভূমিকা লৈছে বুলিও তেওঁ মন্তব্য কৰে ৷

লুৰীণজ্যোতি গগৈয়ে লগতে কয়, ‘‘শুনানিৰ পূৰ্বৰ 25 তাৰিখৰ দিনটো 24 তাৰিখলৈ সলনি কৰা হৈছে, গোচৰটো শুনিবৰৈ উচ্চতম ন্যায়ালয়ে ইচ্ছা প্ৰকাশ কৰিছে । উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত আমাক ন্যায় প্ৰদান কৰিব ।’’

সংবাদমেলত মণিপুৰৰ শেহতীয়াকৈ সংঘটিত হোৱা ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে কয়, ‘‘মণিপুৰ মানৱতাৰ বৈধ্যভূমিত পৰিণত হৈছে । মণিপুৰৰ শেহতীয়া 80 টা দিনে ভয়াৱহ পৰিস্থিতিৰ ইংগিত দিছে ৷ 150 গৰাকীতকৈ অধিক মানুহৰ মৃত্যু হোৱাৰ পাচতো প্ৰধানমন্ত্ৰীয়ে একোৱেই মন্তব্য নকৰাটো দুৰ্ভাগ্যজনক ৷’’

তেওঁ আৰু কয় যে এখন ৰাষ্ট্ৰৰ নাগৰিকৰ নিৰাপত্তা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে দিব নোৱাৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চূড়ান্ত দায়িত্বহীনতা প্ৰকট হৈছে এই ঘটনাত ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ সমস্যাক লৈ প্ৰধানমন্ত্ৰী চিন্তিত নহয় ৷ মণিপুৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচৰা বুলিও উল্লেখ কৰি তেওঁ ৰাষ্ট্ৰপতিলৈ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰে ৷

আনহাতে সংবাদমেলত শাসকীয় বিজেপিকো সমালোচনাৰ লক্ষ্য কৰি লয় অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷ বিজেপিক সমালোচনা কৰি গগৈয়ে কয় যে সংবিধানে দেশৰ নাগৰিকৰ কথা কৈছে, হিন্দু মুছলমানৰ কথা কোৱা নাই । বিজেপিয়ে 7 বছৰ শাসন কৰি বালাংদেশী চিনাক্ত কৰি ঘূৰাই পঠাব পাৰিলে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে বাংলাদেশী প্ৰীতি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে বদৰুদ্দিন আজমলৰ লগতো সম্পৰ্ক আছে মুখ্যমন্ত্ৰী আৰু 1971 চনৰ পাচত অহাসকলক নাগৰিকত্ব দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ।

গগৈয়ে লগতে কয়, ‘‘মিঞা বুলি কৈ মুছলমানক অপমান কৰিছে বিজেপিয়ে, সেয়েহে মূল কথাবোৰৰ পৰা আঁতৰিছে মুখ্যমন্ত্ৰী । যিসকলে জাতিক অন্যায় কৰিছে তেওঁলোকৰ নাম ইতিহাসত লিপিবদ্ধ হ'ব ।’’

লগতে পঢ়ক:Constituency Delimitation: শিৱসাগৰ জিলাৰ পৰা আহোমসকলক বিচ্ছিন্ন কৰাৰ বিৰোধিতা অখিল‌ গগৈৰ

ABOUT THE AUTHOR

...view details