গুৱাহাটী, ১ ছেপ্তেম্বৰ :গুৱাহাটীৰ শিলসাঁকোত শুকুৰবাৰে পুৱাই সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতিৰ । প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ আহি সন্মুখীন হ’ল বাধাৰ । নিজৰ ঘৰখন ৰক্ষাৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনক উচ্ছেদৰ পৰা বাধা দিয়াৰ বাবে একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অর্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
দেহৰ কাপোৰ খুলি আৰক্ষী-প্ৰশাসনক বাধাৰ চেষ্টা একাংশ মহিলা প্ৰতিবাদকাৰীয়ে । ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতিবাদকাৰীসকলক টানি চোঁচৰাই লৈ যায় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভেঁটি ৰক্ষাৰ স্বাৰ্থত মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।
তেওঁ কয়, ‘‘এই ঘটনাত আমি স্তম্ভিত হৈছো আৰু গভীৰ লজ্জা অনুভৱ কৰিছো । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰীয়ে নিজৰ আৱৰণ খুলি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে । বিজেপিয়ে অন্যায়-অবিচাৰে এনে এটা পৰ্যায় পালেগৈ যে নাৰীয়ে নিজৰ কাপোৰ দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে’’ ।
লগতে পঢ়ক :Eviction at Silsako : ‘‘হয় গুলীয়াই মাৰক, নহ'লে নিজেই পেট্ৰ’ল ঢালি মৰিম’’; প্ৰতিবাদকাৰীৰ ভাবুকি