গুৱাহাটী, ২২ অক্টোবৰ :লোকসভা নিৰ্বাচনত লুৰীণজ্যোতি গগৈক এ আই ইউ ডি এফে (AIUDF) সমৰ্থন আগবঢ়োৱা প্ৰসংগত শনিবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Lurinjyoti Gogoi reacts on AIUDF comments) ।
উল্লেখযোগ্য যে শেহতীয়াকৈ বদৰুদ্দিন আজমলে (Badaruddin Azmal) লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) লুৰীণজ্যোতি গগৈক এ আই ইউ ডি এফে সমৰ্থন আগবঢ়াব বুলি ৰাজহুৱা মন্তব্য কৰিছিল । এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "অতি সাম্প্ৰদায়িক এজেণ্ডা লৈ এইধৰণৰ মন্তব্য দিছে এ আই ইউ ডি এফে । বিজেপিৰ শ্ৰুতলিপি মতেই এ আই ইউ ডি এফ চলি আছে (AIUDF hear dictation of BJP) । অমিত শ্বাহ (Amit Shah) অসমলৈ আহি মিছন-১২ বুলি কৈছিল । অৰ্থাৎ মিছন-১৪ বুলি কোৱা নাই । কাৰণ দুখন আসন বিজেপিয়ে এ আই ইউ ডি এফক এৰি দিছে ।"
লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু । বদৰুদ্দিন আজমল বিজেপিৰ সঞ্জীৱনী সুধা । এ আই ইউ ডি এফে অসম জাতীয় পৰিষদক সমৰ্থন দিবলৈ সাহস ক'ত পালে বুলি প্ৰশ্ন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, বদৰুদ্দিন আজমলে বিজেপিৰ সৈতে সন্মিলিতভাৱে এজেণ্ডা প্ৰস্তুত কৰে । বিজেপিৰ এজেণ্ট হৈছে এ আই ইউ ডি এফ দল (Lurinjyoti Gogoi reacts on AIUDF comments) ।"