গুৱাহাটী, 4 ছেপ্টেম্বৰ: "ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত 952 টা অধ্যাপকৰ পদ, 1,529 টা অনা শিক্ষকৰ পদকে ধৰি মুঠতে 2,370 টা পদ আজিও খালী হৈ আছে ৷ 1992 চনৰ পৰা আজি পৰ্যন্ত কোনো এখন মহাবিদ্যালয়ত নতুন অধ্যাপক-অধ্যাপিকাৰ পদ সৃষ্টি হোৱা নাই ৷ গতিকে এই কথাবোৰে শিক্ষকসকলক যথেষ্ট সমস্যাত পেলাইছে ৷ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ শিক্ষা খণ্ডৰ অৱস্থা দেশৰ আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৷" সমাগত শিক্ষক দিৱস ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত আজি এইদৰে মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi press conference about teachers day) ৷
দেওবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সভাপতি গগৈয়ে শিক্ষা ব্যৱস্থা প্ৰসংগত কয় যে পদে পদে অপমান কৰা হৈছে ৰাজ্যৰ শিক্ষকক। এইখন চৰকাৰৰ দিনত ইতিহাসৰ সৰ্বাধিক মানসিক নির্যাতনৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষক সমাজ ৷ অসমৰ শিক্ষা খণ্ডটোৰ মান বৰ্তমান চৰকাৰৰ দিনত আটাইতকৈ নিম্নগামী হৈছে ৷
বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ বছৰতকৈ অধিক কাল শিক্ষা বিভাগটো চলোৱাৰ পিছত বৰ্তমানে ৰাজ্য চৰকাৰৰ মুৰব্বীৰ দায়িত্ব লৈছে ৷ তাৰ পিছতো অসমৰ শিক্ষা খণ্ডটো সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাটো দুর্ভাগ্যজনক ৷
ইয়াৰোপৰি সভাপতিগৰাকীয়ে কয় যে শিক্ষা খণ্ডৰ উন্নয়ন হোৱা বুলি চৰকাৰীভাৱে চলাই থকা প্ৰচাৰ যে ভুৱা আছিল সেয়া প্ৰমান হ'ল । এয়া চৰকাৰ আৰু সৰ্বাধিক কাল শিক্ষা বিভাগ চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ প্ৰমান ৷ সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ শিক্ষক সমাজ সমান্তৰালভাৱে চৰকাৰৰ মানসিক নির্যাতনৰো চিকাৰ হৈছে ৷ এনে মানসিক নির্যাতন শিক্ষক সমাজে স্বাধীনতাৰ পিছত আন কোনো চৰকাৰৰ দিনতে পোৱা নাছিল ৷