অসম

assam

ETV Bharat / state

Silsako Eviction: ক্ষমতাশালী চক্ৰৰ ব্যৱসায়িক স্বাৰ্থত শিলসাঁকোত উচ্ছেদ চলোৱা হৈছে; লুৰীণজ্যোতি গগৈ - লুৰীণজ্যোতি গগৈ

আৰক্ষীৰ চকুত ধূলি দি শিলসাঁকোৰ উচ্ছেদিতৰ কাষত লুৰীণজ্যোতি গগৈ ৷ উচ্ছেদিতৰ ৰাইজৰ সৈতে মত বিনিময় অসম জাতীয় পৰিষদৰ এটা সঁজাতী দলৰ ৷ চৰকাৰক তীব্ৰ সমালোচনা ৷

Silsako Eviction
Silsako Eviction

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 8:48 PM IST

শিলসাঁকোৰ উচ্ছেদিতৰ কাষত লুৰীণজ্যোতি গগৈ

গুৱাহাটী, 2 ছেপ্টেম্বৰ: শিলসাঁকোৰ উচ্ছেদস্থলীলৈ বাহিৰৰ পৰা কোনো লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিটো প্ৰৱেশ পথত আৰক্ষী মোতায়েন কৰি পথ বন্ধ কৰি দিয়া হৈছে ৷ সেয়ে শিলসাঁকোত প্ৰতিবাদ কৰিবলৈ যোৱা দল-সংগঠনসমূহে প্ৰৱেশ পথৰ মুখতে কাৰ্যসূচী ৰূপায়ণ কৰি তাৰে পৰাই উভতি আহিবলগীয়া হৈছে ৷

আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ পাচতো শনিবাৰে উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ ললে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত শনিবাৰে দিনৰ ভাগত অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দল উপস্থিত হয় উচ্ছেদিত অঞ্চলত ।

শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰী মাটিত অবৈধভাৱে যদি কোনোবাই বেদখল কৰি আছে, তেনে বেদখল উচ্ছেদত জাতীয় পৰিষদৰ আপত্তি নাই ৷ কিন্তু সেই উচ্ছেদ মানৱীয় দৃষ্টিভংগীৰে হোৱা উচিত ৷ শিলসাঁকোত চৰকাৰে উচ্ছেদৰ নিয়ম মানি চলা নাই ৷ খিলঞ্জীয়া লোকসকলৰ প্ৰতি অমানৱীয় আচৰণ কৰা হৈছে ৷

প্ৰথমে পুনৰ সংস্থাপন বা বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত উচ্ছেদ চলাব পৰা গ’লহেঁতেন বুলি লুৰীণজ্যোতিয়ে মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিৰ্দিষ্ট প্ৰভাৱশালী চক্ৰৰ ব্যবসায়িক স্বাৰ্থতে শিলসাঁকোৰ মাটিত উচ্ছেদ চলোৱাৰ অভিযোগ তোলে গগৈয়ে ৷ এই উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পৰিয়ালে বেদখল কৰা মাটিত কিয় উচ্ছেদ চলোৱা নাই, হিম্মত সিংকা, আজমলৰ দৰে লোকৰ মাটিত কিয় বুলড’জাৰ চলাব পৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ।

উল্লেখ্য যে শুকুৰবাৰে চলোৱা উচ্ছেদৰ সময়ত দুগৰাকী মহিলাই অৰ্ধ-উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অধিক কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ৷

লগতে পঢ়ক:Silsako Eviction Protest: শিলসাঁকোত মহিলাৰ অৰ্ধনগ্ন প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; গৰ্ভৱৰ্তী মহিলাকো আটক

ABOUT THE AUTHOR

...view details