অসম

assam

ETV Bharat / state

NHPC ৰ পৰা কোনে কোনে কিমান ধন লৈছে ফাদিল কৰিব লুৰীণে - Assam Jatiya Parishad

এনএইচপিচি(NHPC Limited)ৰ পৰা আন্দোলন বন্ধ কৰাৰ বাবে টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছিল অসম জাতীয় পৰিষদ(Assam Jatiya Parishad)ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে । এই ঘটনাৰ বিৰুদ্ধে মুখ খুলিছে গগৈয়ে ৷ জানো আহক কি ক'লে লুৰীণ জ্যোতি গগৈয়ে ৷

lurin-jyoti-gogoi-reacts-on-nhpc-controversy
NHPC ৰ পৰা কোনে কোনে কিমান ধন লৈছে ফাদিল কৰিব লুৰীণে

By

Published : Nov 23, 2021, 7:54 PM IST

গুৱাহাটী, ২৩ নবেম্বৰ :এন এইচ পি চি(NHPC)ৰ পৰা টকা লোৱাৰ অভিযোগ পোনচাটেই নাকচ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । উল্লেখ্য যে, ছাত্র সন্থাৰ দুজন কৰ্মকৰ্তাৰ মোবাইল ফোনৰ কথোপকথনত লুৰীণজ্যোতি গগৈ(Lurin Jyoti Gogoi)য়ে এন এইচ পি চিৰ পৰা টকা লোৱাৰ বিষয়টো উত্থাপন হৈছিল আৰু পিছলৈ সেই কথোপকথন ৰাজহুৱা হৈছিল ।

এই কথোপকথনৰ ভিত্তিত একাংশ সংবাদ মাধ্যমত লুৰীণজ্যোতি গগৈয়ে এনএইচপিচিৰ পৰা টকা লোৱাৰ প্ৰসংগৰে বাতৰি পৰিবেশিত হৈছিল । যাকলৈ সম্প্রতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে মঙলবাৰে এখন সংবাদমেল যোগে লুৰীণজ্যোতি গগৈয়ে নিজৰ স্থিতি স্পষ্ট কৰে ।

অসম জাতীয় পৰিষদৰ চমুকৈ এজেপি(Assam Jatiya Parishad)ৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয় আয়োজন কৰা সংবাদমেলত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়- '' এন এইচ পি চি (NHPC Limited)ৰ পৰা মই এক পইচা লোৱা বুলি তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰিলে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম । আমি নিকা আৰু স্বচ্ছ বাবেই এইদৰে স্পষ্টভাৱে ক'ব পাৰিছো । ''

তেওঁ কয় যে, দুমাহ আগত হোৱা এটা কথোপকথন এতিয়া কিয় ৰাজহুৱা কৰা হ'ল আৰু যিটো কথোপকথনৰ কোনো ভিত্তি তথা যুক্তিযুক্ততা নাই । তথাপিও একাংশ সংবাদ মাধ্যমত বাতৰিটো একপক্ষীয়ভাৱে পৰিবেশন কৰা হ'ল । লুৰীণজ্যোতি গগৈ আৰু এজেপিক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে এই ষড়যন্ত্র কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে ।

এই ঘটনাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰাৰ লগতে ক্ৰিমিনেল কেচ কৰা হ'ব বুলি তেওঁ কয় । আনহাতে এই ঘটনাকলৈ তিৰ্যক মন্তব্য কৰা সকলকো গোচৰৰ পক্ষ কৰা হ'ব। তেওঁ লগতে কয় যে এন এইচ পি চিৰ কাম-কাজ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে যিমানবোৰ দল-সংগঠন, বেচৰকাৰী সংস্থা আদিয়ে এন এইচ পি চিৰ পৰা টকা নাইবা চান্দা লৈছে তাৰ তথ্য আৰ টি আই যোগে উলিওৱা হ'ব আৰু প্ৰয়োজনত ৰাজহুৱা কৰা হ'ব।

সমগ্ৰ বিষয়টোক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ কয় '' জাতিৰ বাবে মই কেতিয়াও গাদ্দাৰি নকৰো আৰু দলৰ কাকো কৰিবলৈ নিদিও। আমি জাতিৰ স্বাৰ্থত কাম কৰিবলৈ আহিছো ৷ '' কা(Citizenship amendment act) আন্দোলনৰ নেতৃত্ব লোৱা সকলৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰাৰ বাবে এনেদৰে ষড়যন্ত্র কৰা হৈছে বুলিও কয় তেওঁ । এই সংবাদমেলত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে আন নেতাসকল উপস্থিত আছিল ।

লগতে পঢ়ক :Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

ABOUT THE AUTHOR

...view details