গুৱাহাটী, ১৭ নৱেম্বৰ : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা পৰিয়ালৰ দুৰ্নীতি, ছিণ্ডিকেটৰাজ, কেলেংকাৰী, কমিছনৰাজেই হ'ব বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু । এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । শুকুৰবাৰে মহানগৰীৰ ৰাজধানী মছজিদস্থিত হোটেল বৰাকত অনুষ্ঠিত হয় বিৰোধী দলসমূহৰ এক বৈঠক । ইয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, অখিল গগৈকে আদি কৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলৰ সভাপতিসকল উপস্থিত থাকে ।
বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই ক'ত, কেনেদৰে, কি ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । বৈঠকৰ অন্তত বিৰোধী ঐক্য মঞ্চৰ হৈ লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ কয় যে বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত হৈছে । সেয়া শীঘ্ৰেই প্ৰকাশ কৰা হ'ব । তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহৰ ন্যূনতম উমৈহতীয়া আঁচনি প্ৰস্তুত কৰা হৈছে । ইয়াৰ ৰূপৰেখা ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা বৈঠকত চূড়ান্ত হ'ব ।
১৪ টা সমষ্টিতে বিৰোধীয়ে সমিলমিলেৰে নিৰ্বাচন খেলিব বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে কোনে ক'ত নিৰ্বাচন খেলিব, কোন দলে কিমানখন আসনত খেলিব সেই সন্দৰ্ভত এতিয়াও আলোচনা কৰা হোৱা নাই বুলি তেওঁ জনায় । অসম জাতীয় পৰিষদৰ সভাপতিৰাকীয়ে বিৰোধী ঐক্য সন্দৰ্ভত কয় যে এতিয়া দল মুখ্য নহয়, তেওঁলোকৰ লক্ষ্য হৈছে নিৰ্বাচনত জয়ী হোৱাটো ।