অসম

assam

ETV Bharat / state

উত্তৰ-পূবৰ আঞ্চলিক শক্তিৰ ঐক্যবদ্ধ সন্মিলনত লুৰীণজ্যোতি গগৈ

ইটানগৰত নেচনেল পিপলছ পাৰ্টীৰ ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভঙ্গী’ শীৰ্ষক ৰাজনৈতিক সন্মিলন। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল, বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তিৰ অংশগ্ৰহণ। এই অনুষ্ঠান যোগে উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ ৷

lurin-jyoti-gogoi-on-common-platform-of-regional-parties-in-northeast
উত্তৰ-পূবৰ আঞ্চলিক শক্তিৰ ঐক্যবদ্ধ সন্মিলনত লুৰীণজ্যোতি গগৈ

By

Published : Oct 19, 2021, 10:24 PM IST

গুৱাহাটী,১৯ অক্টোবৰ : ' বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন, প্ৰত্যাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয়, দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে । সেয়ে ক্ৰমবৰ্দ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্বাক শক্তিশালী কৰিবলৈ হ'লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগিব।' - এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

মঙলবাৰে, অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে আয়োজন কৰা ‘আঞ্চলিক প্ৰত্যাশা, ৰাষ্ট্ৰীয় দৃষ্টিভঙ্গী’ শীৰ্ষক ৰাজনৈতিক সন্মিলনত ভাগ লৈ লুৰীণজ্যোতি গগৈয়ে এইদৰে কয় । ভাষণ প্ৰসংগত তেওঁ কয়, দেশৰ অন্য প্ৰান্তৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন আৰু প্ৰত্যাশাতকৈ পৃথক ৷ সেয়ে দিল্লীৰ নিয়ন্ত্ৰণত চলা ৰাজনৈতিক দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহৰ মনৰ বেদনা উপলব্ধি কৰা সম্ভৱ নহয়, যিটো সময়ে সময়ে প্ৰমাণ হৈ আহিছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ তীব্ৰ বিৰোধ স্বত্বেও কেন্দ্ৰীয় চৰকাৰে 'কা' প্ৰৱৰ্তন কৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ স্থানীয় জনগণৰ মতামতক উপেক্ষা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যক্তিগত খণ্ডৰ বৃহৎ কোম্পানীৰ দ্বাৰা মাৰাত্মক পাম গছৰ খেতি কৰোৱাৰ সিদ্ধান্ত লোৱালৈকে সকলো ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ স্থানীয় স্বাৰ্থক উপেক্ষা কৰাটো কাৰো অজানা নহয় ৷

উত্তৰ-পূবৰ আঞ্চলিক শক্তিৰ ঐক্যবদ্ধ সন্মিলনত লুৰীণজ্যোতি গগৈ

তেওঁ পুনৰ কয়, উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰা ৰাজনৈতিক দলসমূহৰ মাজত সমন্বয় নথকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে নিজৰ নীতি আৰু সিদ্ধান্তসমূহ আমাৰ ওপৰত জাপি দিব পাৰিছে ৷ সেই কাৰণে আঞ্চলিক শক্তিসমূহৰ মাজত সমন্বয় এতিয়া সময়ৰ আহ্বান ।
এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

ৰাজনৈতিক সন্মিলনখনত ‘টিপ্ৰা'ৰ অধ্যক্ষ প্ৰদ্যুৎ মানিক্য দেববাৰ্মা, বিশিষ্ট সাংবাদিক ক্ৰমে পেট্ৰিচিয়া মুখিম, সংগীতা বৰুৱা আৰু কৌশিক ডেকা, মেঘালয়ৰ কেবিনেট মন্ত্ৰী জে'মছ চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা তথা এন ডি পি পি দলৰ সাধাৰণ সম্পাদক আবু মেহতাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল, বৌদ্ধিক জগত আৰু সামাজিক সংগঠনৰ বহকেইগৰাকী আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য আগবঢায় ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত কয় যে তেওঁৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক আলোচনাৰ এখন মঞ্চ প্ৰদান কৰিব খোজে ৷ আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান ওলাব ৷ অবৈধ অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা উদ্ভাৱনৰ হকে তেওঁৰ চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰাৰ প্ৰসংগ উল্লেখ কৰি চাংমাই কয় যে ইনাৰ লাইন পাৰ্মিট বা বহিৰাগত পঞ্জীয়ন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিকল্প হ'ব পাৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্য সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁৰ দলে আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি চাংমাই সদৰি কৰে ৷

লগতে পঢ়ক :ভাওনাৰ মঞ্চত বিকৃত আচৰণক লৈ কি আহ্বান জনালে শংকৰজ্যোতি বৰুৱাই

For All Latest Updates

ABOUT THE AUTHOR

...view details