অসম

assam

By

Published : Nov 22, 2020, 7:17 PM IST

ETV Bharat / state

ডিচেম্বৰত AJPৰ গুৰি ধৰিব লুৰিণজ্যোতি গগৈয়ে

ডিচেম্বৰৰ মাজভাগত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব সদ্য পদত্যাগী আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । তাৰপাছতে অসম জাতীয় পৰিষদৰ নেতৃত্ব বহন কৰিব যুৱনেতা গৰাকী ।

lurin-joyiti-gogoi-will-be-join-ajp
ডিচেম্বৰত AJPৰ নেতৃত্ব ল’ব লুৰিণজ্যোতি গগৈয়ে

গুৱাহাটী,22 নৱেম্বৰ: শীঘ্ৰে অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । ডিচেম্বৰৰ মাজভাগত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব গগৈয়ে ৷ তাৰপাছতে লুৰিণে নেতৃত্ব বহন কৰিব অসম জাতীয় পৰিষদৰ ।

ডিচেম্বৰত AJPত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে

দেওবাৰে এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দলটোৰ ৰাজ্যিক সমন্বয়ক অদীপ কুমাৰ ফুকনে । ৰাজ্যিক সমন্বয়ক গৰাকীয়ে অগপৰ বিশ্বাসঘাটকতাৰ বাবে আছু-যুৱ ছাত্ৰ পৰিষদে দ্বিতীয়টো ৰাজনৈতিক দল গঠন কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

জাতীয়তাবাদী ধাৰাক আগুৱাই নিবলৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীয়ো শীৰ্ষ নেতাই দলটোৰ দায়িত্ব বহন কৰিব । একেদৰে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ নেতৃত্ব গ্ৰহণ কৰি দলটোক এক নতুন গতি প্ৰদান কৰিব ৷ উল্লেখ্য যে, শনিবাৰে দুলীয়াজান অধিৱেশনৰ শেষৰ দিনটোত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক:টীয়কত নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ সংবাদ মেল

ABOUT THE AUTHOR

...view details