গুৱাহাটী, 1 মাৰ্চঃ জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ লবলৈ নেমকেয়াৰ হাস্পতালত উপস্থিত এজনৰ পিছত আনজন ৰাজনৈতিক নেতা দল সংগঠনৰ লগতে অনুৰাগী । শিল্পী গৰাকীৰ খবৰ লবলৈ দেওবাৰৰ দিনটোত চিকিৎসালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰিপুন বৰা আৰু আছুৰ নেতৃবৰ্গ । হাস্পতাল কৰ্তৃপক্ষই জুবিনক লগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এজনৰ পিছত আনজন লোকে শিল্পী গৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় চিকিৎসালয়ত ৷
চিকিৎসালয়ত উপস্থিত হৈ ৰিপুন বৰাই কয়, "ইতিমধ্যেই সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । ব্যস্ততাৰ বাবে খবৰ লবলৈ আহিব পৰা নাছিলো ৷ কিন্তু দলীয় কৰ্মীবৃন্দই খবৰ লবলৈ অহা বাবেই সকলো খবৰ পাই আছিলো ।" লগতে গৰিমা গাৰ্গ সৈতে ফোনেৰে বাৰ্তালাপ কৰাৰ কথাও জনালে ৰিপুন বৰাই ।