লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গুৱাহাটী, 21 নৱেম্বৰ : মণিপুৰত বিগত সাতমাহ ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ৰাজনৈতিকভাৱে হ’ব লাগিব । মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সদ্ভাৱ ঘূৰি নহালৈকৈ মণিপুৰত শান্তি প্ৰতিষ্ঠা নহয় ৷ এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি অনুষ্ঠানত ভাগ লৈ তেওঁ এই মন্তব্য আগবঢ়ায় ।
লেফটেনেন্ট জেনেৰেল কলিতাই কয় যে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত ম্যানমাৰৰ কিছু শক্তি জড়িত থকা খবৰ পোৱা গৈছে । সংঘৰ্ষৰ সময়ত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ পৰা 5000 অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিছিল দুস্কৃতিকাৰীয়ে । ইয়াৰে মাত্ৰ 1500 অস্ত্ৰ-শস্ত্ৰহে সেনাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
গোল্ডেন ট্ৰাইংগল হিচাবে পৰিচিত অঞ্চল ম্যানমাৰৰ পৰা মণিপুৰ হৈ উত্তৰ-পূবলৈ ড্ৰাগছৰ সৰবৰাহ হয় । মণিপুৰত জাতিগত সমস্যা বহুত আছে ৷ যিটো সেনাবাহিনীয়ে সমাধান কৰাটো সম্ভৱপৰ নহয় । তাৰ ভিতৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত জাতিগত মেৰুকৰণ প্ৰক্ৰিয়া বহু সময়ত অন্যতম সমস্যা বুলি মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে ।
আনহাতে ভাৰত-ম্যানমাৰ সীমান্ত সম্পৰ্কে মন্তব্য কৰি তেওঁ কয়, ভাৰত ম্যানমাৰৰ 10 কিলোমিটাৰ সীমান্তত ফেন্সিঙৰ বেৰ ইতিমধ্যে দিয়া হৈছে । বাকী থকা 1600 কিলোমিটাৰৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে পূঁজি আৱন্টন দিছে । পৰ্যায়ক্ৰমে ইয়াৰ কাম আৰম্ভ হ'ব বুলিও তেওঁ মন্তব্য কৰে ।
ইপিনে ভাৰত-চীন সীমান্তৰ বিষয়ে উল্লেখ কৰি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয়, ভাৰত-চীন সীমান্তৰ সমস্যা সম্পূৰ্ণ নিষ্পত্তি হোৱা নাই । অৰুণাচলৰ ভাৰত-চীন সীমান্তত চীন ভৌগোলিকভাৱে সুবিধাজনক স্থিতিত আছে । চীনৰ সীমান্ত অঞ্চলটো সমতল আৰু এঢলীয়া । ভাৰতৰ ফালে থিয় আৰু দুৰ্গম । চীনৰ সীমান্তত বহু আগতেই উন্নয়নৰ কাম আৰম্ভ হৈছিল । ভাৰতৰ ফালে যোৱা 10 বছৰৰ আগৰ পৰাহে সীমান্ত উন্নয়নৰ কাম-কাজ আৰম্ভ হৈছে । বাট পথ উন্নয়ন হৈছে । স্থল পথ, বায়ু পথেৰে যোগাযোগ উন্নত হৈছে । চীনে আক্ৰমণ কৰিলে পৰিৱেশ প্ৰতিকূলতাৰ সমস্যা থকা বুলি স্বীকাৰ কৰি তেওঁ কয় যে যিকোনো প্ৰত্যাহ্বান ৰোধৰ বাবে ভাৰতীয় সেনা সষ্টম হৈ আছে ৷
লগতে পঢ়ক :সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় : ৰাণা প্ৰতাপ কলিতা