অসম

assam

ETV Bharat / state

দদৰাত গেছ এজেঞ্চিৰ ময়মতালি অতিষ্ঠ গ্ৰাহক

দদৰাৰ এল এন পি ভাৰত গেছ গ্ৰামীন বিতাৰক নামৰ গ্ৰেছ এজেঞ্চিত গ্ৰাহকৰ ভিৰ ৷ চিলিণ্ডাৰ বুকিং কৰাৰ পিছত গ্ৰাহকে চিলিণ্ডাৰ নোপোৱাৰ অভিযোগ

LPG CYLINDER NOT DELEVERY FOR LNP BHARATGAS GRAMIN VITARAK GAS AGENCY
দদৰাত গেছ এজেঞ্চিৰ ময়মতালি অতিষ্ঠ গ্ৰাহক

By

Published : May 11, 2020, 3:44 PM IST

আমিনগাঁও, 11 মে ' : লক্ ডাউন অব্যাহত থকাৰ মাজতে কামৰূপৰ দদৰাৰ এটা গেছ এজেঞ্চিত সোমবাৰে কেইবা শতাধিক লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ গ্ৰাহকে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰাৰ পিছতো চিলিণ্ডাৰ যোগান নধৰাৰ বাবে এনেদৰে গ্ৰাহকে ভিৰ কৰে এজেঞ্চিটোৰ সন্মুখত ৷

এল এন পি ভাৰত গেছ গ্ৰামীণ বিতাৰক নামৰ গ্ৰেছ এজেঞ্চিটোৱে দীৰ্ঘদিনৰ পৰা গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ গ্ৰাহকে গ্ৰেছ বুকিং কৰাৰ পিছতো চিলিণ্ডাৰ যোগান নধৰাৰ অভিযোগ গ্ৰাহকৰ ৷ যাৰবাবে সোমবাৰে চিলিণ্ডাৰৰ বাবে এনেদৰে শতাধিক লোক সমবেত হৈছে এজেঞ্চিটোৰ সন্মুখত ৷

যি সময়ত লক্ ডাউন অব্যাহত থকাৰ মাজত চৰকাৰে ৰন্ধন গ্ৰেছ গ্ৰাহকক বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে সেই সময়ত এজেঞ্চিটোৰ এনেকুৱা কৰ্ম-কাণ্ডই চৰকাৰৰ নীতি-নিৰ্দেশনাক অমান্য কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : আমেৰিকাৰ সৈতে কয়দী সাল-সলনি কৰিবলৈ সাজু ইৰান

ABOUT THE AUTHOR

...view details