গুৱাহাটী, ২৯ আগষ্ট:এটুপি বিশুদ্ধ পানী সদায় সপোন হৈয়ে ৰব নেকি অসমবাসীৰ বাবে ! জল জীৱন মিছনৰ(Jal Jeevan Mission in Assam)দৰে কেইবা হাজাৰ কোটি টকীয়া পানী যোগান প্ৰকল্পৰ কামো বাস্তৱায়িত হোৱাৰ পৰত কাৰ্যতঃ মুখ থেকেচা খোৱাৰ পৰিস্থিতিয়ে ৰাজ্যৰ সচেতন নাগৰিকৰ মনত সৃষ্টি কৰিছে এই শংকাৰ।
উল্লেখ্য যে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ(Department of Public Health of Assam)অধীনত যোৱা তিনি বছৰ ধৰি ৰূপায়িত হৈ থকা জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ ক্ষেত্ৰত দেখা দিয়া নেতিবাচক পৰিস্থিতিয়ে নতুন দিল্লীকো চিন্তাত পেলাইছে বুলি এক শীৰ্ষ সূত্ৰই সদৰি কৰিছে । এই সূত্ৰটোৰ মতে, ২০২৪ চনত সম্পূৰ্ণ হ'বলগীয়া উক্ত প্ৰকল্পৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল ২০২১ আৰু ২০২২ চনৰ বৰ্ষ দুটা । কিন্তু একেটা সূত্ৰটোৰ মতে, এই সময়ছোৱাত জল জীৱন মিছনে আশা কৰা ভাবে তাৰ আঁচনি সমুহৰ কাম আগবঢ়াব নোৱাৰিলে (Failure of Jal Jeevan Mission in Assam)।
উত্থাপিত অভিযোগ মতে, এই দুবছৰত তদানীন্তন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Minister Ranjit Kumar Das), মিছনৰ দায়িত্বত থকা একাংশ আমোলা বিষয়া আৰু আন মন্ত্ৰী বিধায়কসকলে আৱন্টন আৰু উচ্চ হাৰৰ কমিছন সংগ্ৰহত ব্যস্ত থাকি বহু মূল্যৱান সময় নষ্ট কৰিলে । তেনে পৰিস্থিতিৰ বৰ্তমানতে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে বান পৰিস্থিতিৰ সৃষ্টি হোৱাত প্ৰকল্পৰ কাম অধিক পিছ পৰি যায় ।
তদানীন্তন বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ দায়িত্ব কৰ্তন কৰাৰ পিছতো কিন্তু মিছনৰ ভিতৰত চ'ৰাৰ পৰিস্থিতি একেই আছে । তথ্য অনুসৰি, এই প্ৰকল্পৰ কাম কাগজে-পত্ৰে তিনিটা বছৰ চলি থকাৰ পিছতো কেইবাখনো জিলাত মিছনৰ কামৰ অগ্ৰগতিৰ পৰিমাণ শূন্য শতাংশ । বিশেষকৈ বৰাক উপত্যকাৰ তিনিখন জিলা, কাৰ্বি আংলং, ডিমা হাছাও, উত্তৰ শালমাৰা, মাজুলী, পশ্চিম কাৰ্বি আংলং, ধেমাজি আদি প্ৰায় বিশখন জিলাত জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ হাৰ অতি দুৰ্ভাগ্যজনক (very Low progress of Jal Jeevan in Assam)।