নিউজ ডেস্ক, ১০ জুনঃ সৰুপথাৰ, অসম, ভাৰতৰ সীমাৰ পৰিধি ভাঙি ইতিমধ্যেই বিশ্ববাসীৰ মাজত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা অসমললনা লাভলীনা বৰগোহাঁই আকৌ এবাৰ বিশ্ববাসীৰ নজৰত পৰিল । কিয়নো পৃথিৱীৰ আগশাৰীৰ সাপ্তাহিক ফেশ্বন আলোচনী "গ্ৰেজিয়া" ৰ শেহতীয়া সংখ্যাৰ বেটুপাতত জিলিকি উঠিল সৰুপথাৰৰ এই নিমাখিত ছোৱালীজনী (Lovlina Borgohain Grazia cover girl) ।
ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা - Lovlina Borgohain Grazia cover girl
ট'কিঅ' অলিম্পিকত পদক জয়ৰে অসমীয়া জাতিৰ বুকুত আথেবেথে বহি লোৱা লাভলীনা বৰগোহাঁই এইবাৰৰ "গ্ৰেজিয়া" ৰ কভাৰ গাৰ্ল । উল্লেখযোগ্য যে ইটালিৰ এই বিখ্যাত ফেশ্চন আলোচনীখন বিশ্বৰ ২১ খন দেশৰ পৰা প্ৰকাশিত হয় ।
ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা
ট'কিঅ' অলিম্পিকত পদক জয়ৰে অসমীয়া জাতিৰ বুকুত আথেবেথে বহি লোৱা লাভলীনা বৰগোহাঁই এইবাৰৰ "গ্ৰেজিয়া" ৰ কভাৰ গাৰ্ল । উল্লেখযোগ্য যে ইটালিৰ এই বিখ্যাত ফেশ্চন আলোচনীখন বিশ্বৰ ২১ খন দেশৰ পৰা প্ৰকাশিত হয় । স্মৰ্তব্য যে ইয়াৰ পূৰ্বে আন এখন বিশ্ববিখ্যাত আলোচনী আমেৰিকাৰ পৰা প্ৰকাশিত "ভগ" ৰ বেটুপাততো স্থান পাইছিল লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain Vogue cover girl) ।
লগতে পঢ়ক:Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসম সন্তান শিৱ থাপা