গুৱাহাটী, ১২ জানুৱাৰী :অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে পৰিধান কৰিলে খাকী পোছাক । অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত বুধবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হয় অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইক (Lovlina Borgohain appointed DSP in Assam Police)। অৰ্থৰ অভাৱত পৰি এসময়ত যিগৰাকী খেলুৱৈয়ে উপযুক্ত অনুশীলনৰ পৰাও বঞ্চিত হৈছিল সেই খেলুৱৈগৰাকীয়েই অসম তথা দেশক গৌৰৱান্বিত কৰি অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক । সৃষ্টি হৈছিল ইতিহাসৰ ।
এইগৰাকী লাভলীনা বৰগোঁহাইক বুধবাৰে ডি এছ পি পদত আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে । ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি । এই উপলক্ষ্যে জনতা ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ক্ৰীড়ামন্ত্ৰী বিমল বৰাকে ধৰি অসম চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰীৰ লগতে বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিভিন্ন ক্ৰীড়া সন্থাৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে তেওঁক নিযুক্তি পত্র প্ৰদান কৰে । ডি এছ পিৰ পোচাক পৰিধান কৰি লাভলীনাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে তেওঁৰ বাবে এই দিনটো অতি স্মৰণীয় দিন হৈ ৰ'ব । এই সন্মান প্ৰদানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁ অসমৰ ক্ৰীড়া জগতৰ বাবে আৰু অধিক সফলতা কঢ়িয়াই অনাৰো সংকল্প গ্ৰহণ কৰে । অলিম্পিকত স্বৰ্ণ পদকেই মূল লক্ষ্য কৰি লোৱা লাভলীনাই তেওঁৰ লক্ষ্যত উপনীত হ'বলৈ সকলো ধৰণৰ চেষ্টা আৰু কষ্ট কৰিব বুলি উল্লেখ কৰি অসম আৰক্ষীৰ মাজত থকা খেলুৱৈসকলৰ বাবেও পৰৱৰ্তী সময়ত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।
অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই গুৱাহাটীৰ এটা পথ লাভলীনাৰ নামত নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে । ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কমেই হে পাবলৈ সক্ষম হৈছিল । লাভলীনাক অসম আৰক্ষী পৰিয়ালৈ তেওঁ স্বাগতম জনাই । অসম আৰক্ষীক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব লাভলীনাই ।