গুৱাহাটী,১২ অক্টোবৰ:গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games2022) চমকপ্ৰদ প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দুই প্ৰতিভাৱান মহিলা বক্সাৰে । আশা কৰা ধৰণেই নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি লাভলিনা বৰগোঁহাইয়ে মহিলাৰ ৱেল্টাৰৱেইটৰ ৭০-৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁইয়ে হাৰিয়ানাৰ স্বীতি বুৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰে (Lovlina Borgohain wins gold medal at National Game) ৷
ইফালে ইয়াৰ পূৰ্বে আজিৰ দিনটোতে আনগৰাকী অসম কন্যা অংকুশিতা বড়োয়েও ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । অংকুশিতা বড়োৱে ৬৬ কিলোগ্ৰাম শাখাত মণিপুৰৰ এলিনাৰ থাওনাওজামক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে (Ankushita Boro wins gold medal at National Game) ৷ উল্লেখ্য যে অসমৰ আন তিনিগৰাকী প্ৰতিভাৱান বক্সাৰ ক্ৰমে শিৱ থাপা, যমুনা বড়ো আৰু ফাইলাও বসুমতাৰীয়ে গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
মঙলবাৰে শিৱ থাপাই চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক জয় কৰে (Boxer Shiva Thapa wins bronze medal) ৷ ছেমিফাইনেলত ছাৰ্ভিছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় বক্সাৰ শিৱ থাপা । ইয়াৰ পিছতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে তাৰকা বক্সাৰগৰাকীয়ে ৷